Silghat Jute Mill Fire :শিলঘাট অসম সমবায় মৰাপাট কলত ভয়ংকৰ অগ্নিকাণ্ড

কলটোৰ প্ৰাৰম্ভিক ইউনিটত অগ্নিকাণ্ডৰ সূত্ৰপাত,অগ্নিকাণ্ডৰ পিছতে অচল হৈ পৰে কলৰ স্বাভাৱিক কাম-কাজ

silghat Fire

Silghat Jute Mill Fire :

নগাঁৱৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত বিধ্বংসী অগ্নিকাণ্ড ৷ মঙলবাৰে পুৱা প্ৰায় ৯-৫০ মান বজাত কলটোৰ প্ৰাৰম্ভিক ইউনিটত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

অগ্নিকাণ্ডৰ ফলস্বৰূপে ইউনিটটোত ভিন্ন সামগ্ৰী তৈয়াৰীৰ বাবে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ মৰাপাট ভষ্মীভূত হয় ৷ একেদৰে ক্ষতিসাধন হয় কলটোৰ বহু গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ

অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় ছখনকৈ অগ্নি নির্বাপক বাহিনীৰ গাড়ী ৷বহু চেষ্টাৰ অন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিপূৰ্বেই জুইত জাঁহ যায় মুজত হৈ বুজন পৰিমাণৰ মৰাপাট ৷

উল্লেখ্য যে,কলটোৰ কৰ্মচাৰীয়ে জুই লগাৰ পাছতে অতি তৎপৰতাৰে অগ্নি নির্বাপক বাহিনীৰ জোৱানৰ সহযোগত কলটোৰ ভিতৰৰ পৰা বহু মৰাপাটৰ ডম বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় ৷

মেচিনত চৰ্টচাৰ্কিট হোৱাৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে কলটোৰ কৰ্তৃপক্ষই ৷ অগ্নিকাণ্ডত প্ৰায় তিনিকোটি টকাৰ ক্ষয়ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰে কল কৰ্তৃপক্ষই ৷

আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে ব্যাহত হৈ পৰে কলৰ দৈনন্দিন কামকাজ ৷

Exit mobile version