Subansiri Power Project:নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি ক’ফা বান্ধ ভাঙি হোৰে হোৰে বাগৰিছে পানী

যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ ঘটনা !

subansiri Dam

Subansiri Power Project:

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰৱল বৃষ্টিপাতত সোৱণশিৰিৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে গেৰুকামুখৰ প্ৰকল্পৰ ক’ফাৰ বান্ধ ভাঙি হোৰাহোৰে বাগৰিছে পানী ।

হঠাতে পানী সোমাই অহাত এই পৰ্যন্ত কোনো অঘটন হোৱা নাই যদিও আগন্তুক বাৰিষাৰ সময়ছোৱাত অৰুণাচলত নেৰানেপেৰা বৰষুন হ’লে উত্তৰ অসমৰ নৈ পৰীয়া ৰাইজৰ বাবে ভয়ংকৰ বিপদ হোৱাটো নুই কৰিব নোৱাৰি ৷

উল্লেখ্য যে, জুন আৰু জুলাই এই দুটা মাহত পাহাৰীয়া ৰাজ্য খনত যথেষ্ট বৃষ্টিপাত হয় ৷ ফলত অৰুণাচলৰ পৰা নামি অহা পানীয়ে সোৱনশিৰি প্ৰকল্পৰ গাতে লাগি থকা পাহাৰত ভূমিস্খলন সৃষ্টি কৰে ৷

ইতিপূৰ্বে প্ৰকল্পত কে’বাবাৰো পাহাৰ খহি মুল গাৰ্ড ৱালত ক্ষতিসাধন কৰিছিল ৷ আগন্তুক বাৰিষাৰ সময়ত এই ধৰণৰ পৰিস্থিতি পুনৰ সংঘটিত হ’লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব ধেমাজী আৰু লখিমপুৰীয়া ৰাইজ ৷

Exit mobile version