Manipur Incident :
চুবুৰীয়া ৰাজ্য মণিপুৰত অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতাৰে বুধবাৰে ‘আদিবাসী একতা মাৰ্চ’ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পাছতে ভয়ংকৰ ৰূপ লয় অঞ্চল বিশেষে ৷
জনজাতীয় আন্দোলনৰ সময়ত ৰাজ্যখনৰ আঠখন জিলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ প্ৰতিবাদকাৰীয়ে ৰাজপথত কে’ খনো যানবাহন জ্বলাই দিয়াৰ লগতে আৰক্ষীকো আক্ৰমণ কৰে ৷
আনহাতে ‘আদিবাসী একতা মাৰ্চ’ৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা অব্যাহত থকাৰ মাজতে মণিপুৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্তকৰণৰ বিৰোধিতাৰে তেওঁলোকৰ আন্দোলনে নতুন গতি লাভ কৰিছে ৷
অনুসূচিত জনজাতিৰৰণৰ বিৰুদ্ধে তেওঁলোকে এক পদযাত্ৰা গণতান্ত্ৰিক ভাৱে অব্যাহত থাকিব আৰু এই আন্দোলনত সকলোকে যোগদান কৰিবলৈ আহ্বান জনায় ৷
আনহাতে এনে ঘটনাক্ৰমৰ মাজতে টৰবাং অঞ্চলত জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় ৷ ঠাৱে ঠাৱে দুৰ্বৃত্তই জ্বলাই দিছে ঘৰ- দুৱাৰ ৷
যাৰবাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছৰ শেল নিক্ষেপ কৰে ৷
প্ৰতিবাদীকাৰী সংগঠনে শান্তিপূৰ্ণভাবে কৰ্মী সকলক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা পাছত অগ্নিগৰ্ভ পাহাৰীয়া কে’বা খনো জিলাৰ প্ৰতিবাদ কাৰী ৰাজপথৰ পৰা আতঁৰি গৃহাভিমুখী হৈছে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে ৷
ইতিমধ্যে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ বৃহস্পতিবাৰ পৰা আগন্তুক পাচঁদিনলৈ অ-জনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, জিৰিবাম কাকচিং, থৌবাল, আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত টেংনুপাল, চুৰাচান্দপুৰ, কাংপোকপি আৰু জিলাত কাৰফিউ জাৰি কৰাৰ উপৰিও সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰিছে মণিপুৰ চৰকাৰে ৷ অৱশ্যে ব্ৰডবেণ্ড সেৱাসমূহ কাৰ্যকৰী বাহাল আছে ৷
ইপিনে মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিত টুইটযোগে তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰে অলিম্পিক বঁটা বিজয়ী বক্সাৰ মেৰীকমে ৷ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ৷
শেহতীয়া খবৰ অনুসৰি গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ স’তে টেলিফোনিক বাৰ্তালাপৰে মণিপুৰৰ পৰিস্থিতিৰ বুজ লয় আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷
মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বিয়লী মণিপুৰলৈ প্ৰেৰণ কৰে RAF বাহিনী ৷