SLRC For Class IV Posts Result:আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

২ বজাত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

result 2

SLRC  For Class IV Posts Result:

ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি ৷ বুধবাৰে তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ পাছত আজি দিনৰ দুই বজাত ফলাফল ঘোষণা কৰিব চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি

ফলাফল সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে আয়োগে। আয়োগে ঘোষণা কৰা অনুসৰি ফলাফল ঘোষণা হ’ব  ১৪,২৮১টা পদৰ । ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ ১,৭১৯ গৰাকী , অনুসূচিত জাতিৰ ১,৪৯৬ গৰাকী ,অনুসূচিত জনজাতি ভৈয়ামৰ ১৮৬৪জন,অনুসূচিত জনজাতি পাৰ্বত্যৰ ৭৩১ গৰাকী , অবিচি/এম অবিচিৰ ৬,২৩৬ গৰাকী; ই ডব্লিউ এছ, ২,২৩৫জন , পি ডব্লিউ বিডি শ্ৰেণীৰ ৫৪২গৰাকী আৰু এক্স ছাৰ্ভিছমেন ১২৩ পদত বাছনি কৰিছে নিযুক্তি আয়োগে।

উল্লেখ্য যে আয়োগে সংবাদমেলত সদৰি কৰা মতে  জিলা ভিত্তিত ঘোষণা কৰা হ’বফলাফল ৷ ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল ৷ প্রকাশ পাব ১৪,২৮১ টা পদৰ বাবে নিযুক্তি তালিকা ৷ দিনৰ ২ বজাৰ পৰা অনলাইনযোগে লাভ কৰিব ফলাফল ৷
প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফলসমূহ অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ ৱেবচাইট www.sebaonline.orgত চাব পাৰিব।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে কে’বা সহস্ৰাধিক নিযুক্তি দিয়াৰ পাছত বুধবাৰে তৃতীয় বৰ্গৰ আৰু বৃহস্পতিবাৰে চতুৰ্থ বৰ্গ চাকৰিৰ ফলাফল ঘোষণাৰ লগে লগে এক লাখ নিযুক্তিৰ দুৱাৰ দলিত একপ্ৰকাৰ উপনিত হল’ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ  ৷

১১ মে’ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে মুঠ ২৬ হাজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্ৰাৰ্থীসকলক মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক বিশাল সভাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্য চৰকাৰে ৷ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷

Exit mobile version