Jammu-Kashmir : জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

ছয় সেনা জোৱান শ্বহীদ,নিহত দুই সন্ত্ৰাসবাদী

indian army

Jammu- Kashmir:

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কাণ্ডি গভীৰ অৰণ্যত শুক্ৰবাৰে সন্ত্ৰাসবাদী আৰু সেনাৰে সংঘৰ্ষত ছয় সেনা জোৱান ছহিদ হয় ৷ সংঘৰ্ষস্থলীত দুজন সেনা থিতাতে নিহত হোৱাৰ বিপৰীতে বাকী আহত বিষয়া- জোৱান চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

জম্মু- কাশ্মীৰৰ উত্তৰ কমাণ্ডৰ জনসম্পৰ্কৰক্ষী বিষয়াই সংবাদ মাধম্যক সদৰি কৰা মতে, জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ কাণ্ডি বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে সম্ভেদ পাই সেনাৰ বিশেষ দল এটাই তিনি মে’ৰ পৰাই অভিযান অব্যাহত ৰখাৰ মাজতে আজি পুৱাভাগতে পাৰ্বত্যাঞ্চলৰ এটা গুহাত সন্ত্ৰাসবাদী দল এটা বাহৰ পাতি থকাৰ বিষয়ে জানিব পাৰি সেনাও চাৰিওপিনৰ পৰা গুহাটো ঘেৰাও কৰে ৷

সেনাৰ উপস্থিতিৰ বিষয়ে গম পাই সন্ত্ৰাসবাদী বোমা বিস্ফোৰিত কৰে ৷ ফলত দুজন সেনা জোৱান থিতাতে শ্বদীদ হোৱাৰ বিপৰীতে এজন সেনা বিষয়া সহ চাৰি জোৱান গুৰুত্বৰভাৱে আহত হয় ৷

আহত সকলক ততাতৈয়াকৈ উধামপুৰৰ সেনাৰ কমাণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও দুপৰীয়া ভাগত তিনিজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ বিপৰীতে বিয়লী আৰ এজনৰ মৃত্যু হোৱাত ছহিদৰ সংখ্যা হয়গৈ ছয়জন ৷

আনহাতে সেনাই সমগ্ৰ ৰাজৌৰী অঞ্চলত ম’বাইল- ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিছে ৷ সন্ত্ৰাসবাদীৰ সন্ধানত সেনাই তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

বন্ধ কৰি দিয়া হৈছে আৰু সন্ত্ৰাসবাদীৰ দলটোৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। কাণ্ডি বনাঞ্চল চাৰিওফালৰ পৰা ঘেৰাও কৰি হেলিকপ্টাৰৰে নিৰিক্ষণ কৰিছে সেনাৰ অনুসন্ধানকাৰী দলে ৷

আনহাতে ৰাজৌৰীত আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানত আজি সন্ধ্যা পৰ্যন্ত আৰক্ষীৰ গুলীত নিহত হৈছে দুজন দুৰ্ধৰ্ষ পাক সমৰ্থিত সন্ত্ৰাসবাদী ৷

Exit mobile version