Nagaon Cultivator :নগাঁৱৰ ৰূপহীহাটৰ দীঘলীত কৃষকৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতি

দীঘলীৰ পাঁচশ বিঘা মাটিত ধানৰ পৰিৱৰ্তে ওলাইছে কেৱল পতান

nagaon Agriculture

Nagaon Cultivator :

সঠিক সময়ত কৃষি বিভাগৰ পৰা কৃষি বীজ লাভ নকৰা হেতুকে মুকলি বজাৰৰ পৰা উচ্চ দামত ভেজাল বীজ ক্রয় কৰি সেই বীজেৰে খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে নগঞা কৃষক ৰাইজ। তেনে ধৰণৰ ভেজাল বীজেৰে বৰো ধানৰ খেতি কৰি জিলাখনৰ ৰূপহীহাটৰ অৰ্ধশতাধিক কৃষকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

ৰূপহীহাটৰ দীঘলী অঞ্চলৰ এই কৃষকসকলে ৰূপহীহাটৰ বজাৰৰ পৰা সোণালী ফচল নামৰ বড়ো ধানৰ বীজ ক্রয় কৰি নি বৰো ধানৰ খেতি কৰিছিল। প্রতিজন কৃষকেই ১০-১৫ বিঘাকৈ মাটিত বৰো ধানৰ খেতি কৰিছিল। এই বৰো ধানৰ খেতি কৰিবলৈ কৃষকসকলৰ প্ৰতি বিঘাই ছয় হেজাৰ টকাৰ পৰা সাত হেজাৰ টকাকৈ খৰচ হৈছিল।

ধানৰ বীজ, পথাৰত ট্ৰেক্টৰেৰে হাল মৰা, শ্রমিকৰ মজুৰি, ঔষধ, সাৰ আদিৰ নামত সেই ধন ব্যয় হৈছিল, কিন্তু এতিয়া পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে কেৱল পতান। ভুক্তভোগী কৃষকসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে ৰূপহী তিনিআলীৰ ভট্ট পাল নামৰ দোকানীৰ পৰা বৰো ধানৰ বীজসমূহ ক্রয় কৰিছিল।

সেই বীজ সোণালী ফচল বীজ আৰু প্ৰতি বিঘাই ৩০ মোন পর্যন্ত ধান উৎপাদন হ’ব বুলি কৈ দোকানীজনে কৃষককসেই ধানৰ বীজ বিক্ৰী কৰিছিল। বৰো ধানৰবতৰত কৃষকসকলে সেই ধানৰ বীজৰ কঠীয়া পাৰি পাছত সেই কঠীয়া পথাৰত ৰুইছিল। ৰূপহীহাটৰ দীঘলী অঞ্চলত প্ৰায় পাঁচশ বিঘা ভূমিত ৰুইছিল এই ধানৰ কঠীয়া।

সময়ত লহপহকৈ বাঢ়ি অহা ধানে গেৰ ধৰাৰ সময়ত কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল, কিন্তু সেই হাঁহি মৰহি যাবলৈ সৰহদিন নালাগিল । এতিয়া ধান কটাৰ সময়ত পথাৰৰ অৱস্থা কনক। চাই মুৰে কপালে হাত দিছে বৰো ধানৰ খেতি কৰা কৃষকসকলে।

প্রতি বিঘা মাটিত ছয়ৰ পৰা সাত হেজাৰ টকাকৈ খৰচ কৰি এতিয়া বিপদত পৰিছে কৃষকসকল। কিয়নো এই পাঁচশ বিঘা মাটিৰ বৰো ধানৰ খেতিত ধানৰ পৰিৱর্তে আছে কেবল পতান। একমাত্র বৰো ধানৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলে এতিয়া নিজৰ নিজৰ খেতি ডৰালৈ চাই চকুলো টুকাৰ বাদে গত্যন্তৰ নোহোৱা হৈছে।

আজি ভুক্তভোগী কৃষকসকলে সাংবাদিকৰ আগত অশ্রুসিক্ত নয়নৰে কয়, ‘আমি নগাঁও জিলা কৃষি বিভাগৰ পৰা সময়মতে ধানৰ বীজ নোপোৱা বাবেই আজি আমাৰ এনে দশা হৈছে। জিলা কৃষি বিভাগৰ পৰা ধানৰ বীজ পোৱা হ’লে বজাৰৰ পৰা পাঁচ কিলোগ্রাম সোণালী বৰো ধানৰ বীজ ছ টকাত কিনি আনি এতিয়া পতান। বুটলি হাহাকাৰ কৰিব নালাগিলেহেঁতেন।

আমি বিচাৰিছো চৰকাৰে আমাক কিবা সহায় আনহাতে, অধিক ধানৰ প্রলোভন দি ভেজাল ধানৰ বীজ বিক্ৰী কৰা অসাধু ব্যৱসায়ীসকলকো নাকী লগাবলৈ। আমি চৰকাৰক দাবী জনাইছো।’

উল্লেখ্য যে নগাঁও জিলাৰ সৰহ সংখ্যক কৃষক ৰাইজেই জিলা কৃষি বিভাগৰ পৰা উন্নত মানৰ কৃষি বীজ লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

ইপিনে, জিলা কৃষি বিষয়া প্ৰমুখ্যে আন কৃষি বিষয়া-কৃষি কর্মীসকলৰ কৃষকৰে থকা বৃহৎ ব্যৱধানৰ বাবেও নগঞা কৃষকে দুর্ভোগ ভুগিব লগা হৈছে ।

Exit mobile version