NCP Spl Committee Meeting In Mumbai:সিদ্ধান্ত সলনি কৰিব নে শাৰদ পাৱাৰে !

এন চি পি পৰৱৰ্তী সভাপতি বাছনিৰ বাবে আজি বৈঠক, এনচিপিৰ নেতৃত্ব সুপ্রিয়া ছুলেৰ হাতলৈ নে অজিত পাৱাৰলৈ ,ব্যাপক চৰ্চা মুম্বাইত, কমিটিৰ মাৰাথন বৈঠকত পদত্যাগ পত্ৰ অগ্ৰাহ্য,শাৰদ পাৱাৰকে সভাপতি ৰখাৰ সিদ্ধান্ত

saradpower

NCP Spl Committee Meeting In Mumbai:

 প্রবীণ ৰাজনীতিক শাৰদ পাৱাৰে এন চি পিৰ সভাপতি পদৰ পৰা নাটকীয় পদত্যাগ ঘোষণাৰ পাছত এনচিপিৰ মুৰব্বীৰ দায়িত্ব এতিয়া কাৰ হাতত ন্যস্ত হ’ব৷ইয়াকে লৈ ব্যাপক চৰ্চা লাভ কৰিছে মায়ানগৰী মুম্বাইত ৷ মুম্বাইত আজি পুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা দলীয় শীৰ্ষ বৈঠকত শাৰদ পাৱাৰৰ পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰে ৷

জ্যেষ্ঠ এন চি পি নেতা প্ৰফুল্ল পেটেলে শাৰদ পাৱাৰকে পুনৰ সভাপত পদৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ সভাত উদ্থাপন কৰাত সভাই সৰ্বসন্মতভাৱে গ্ৰহণ কৰি এই প্ৰস্তাৱ শাৰদ পাৱাৰৰ হাতত দিয়াৰ সিদ্ধান্ত লয় ৷ ইয়াৰ লগে লগে বৈঠকত পাৱাৰৰ উত্তৰসুৰী কোন হ’ব সেই বিষয়টো অন্ত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

উল্লেখ্য যে শাৰদ পাৱাৰে পদত্যাগৰ পাছত তেওঁৰ উত্তৰসূৰী বাছনি কৰিবলৈ পাৱাৰে গঠন কৰি দিয়া কমিটীখনৰ সদস্য ক্ৰমে প্ৰফুল্ল পেটেল ,অজিত পাৱাৰ,সুপ্ৰিয়া ছুলে আৰু আন এজন জ্যেষ্ঠসদস্যৰে গঠিত কমিটি খনে পুৱা ১১ বজাত মুম্বাইত দলীয় কার্যালয়ত মিলিত হৈছিল ৷

মনকৰিবলগীয়া যে,শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে দলত বিভাজন ঘটোৱাৰ বিভিন্ন বাতৰি চৰ্চাত থকাৰ মাজতে পাৱাৰৰ পদত্যাগ এক কৌশলী পদক্ষেপ বুলিও শেহতীয়াকৈ আলোচিত হৈছে।

মহাৰাষ্ট্ৰত বিজেপিৰ চৰকাৰ দখলৰ সস্তাৱ্য পৰিকল্পনাত আউল লগাবলৈ পাৱাৰে এনে স্থিতি গ্ৰহণ কৰা বুলি একাংশ বিশেষজ্ঞই মত প্রকাশ কৰে।

ইপিনে, পাৱাৰে বৃহস্পতিবাৰে তেওঁৰ ঘৰৰ সন্মুখত অৱস্থান কৰি পদত্যাগ ওভতাই ল’বলৈ দাবী অব্যাহত ৰখা সমৰ্থকসকলক সাক্ষাৎ কৰে। তেওঁ কয়, আপোনালোকে ঠিকেই কৈছে যে এনে সিদ্ধান্ত গ্রহণৰ পূর্বে সদস্যসকলৰ স’তে আলোচনা কৰাটো উচিত আছিল।

কিন্তু মই জানো যে আপোনালোক কেতিয়াও সম্মত নহ’ব, সেয়ে মই পোনপটীয়াকৈ সিদ্ধান্ত ল’লো। কমিটীয়ে এই বিষয়টো আলোচনা কৰিব।

এদিন বা দুদিনৰ পাছত আপোনালোকে এইদৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাথাকিব। পাৱাৰে এইদৰে কয় সমৰ্থকসকলক। আনহাতে, দলৰ জ্যেষ্ঠ নেতা চগ্গন ভুজৱালে কয়, ‘অজিত পাৱাৰে ৰাজ্যৰ দায়িত্ব গ্ৰহণ কৰা উচিত আৰু সুপ্রিয়া চুলেই ৰাষ্ট্ৰীয় ৰাজনীতি চোৱা-চিতা কৰা উচিত। শাৰদ পাৱাৰ দায়িত্বত থাকিব নিবিচাৰিলে সুপ্রিয়াই পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হোৱা উচিত।’

একেদৰে সুপ্রিয়াৰ পথ মুকলি কৰি পাৱাৰৰ আন এজন বিশ্বস্ত জয়ন্ত পার্টিলেও স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ তেওঁৰ কোনো আকাংক্ষা নাই। ইতিমধ্যে কালি প্রফুল্ল পেটেলেও এই কথা স্পষ্ট কৰিছে। পাটিলে এইদৰে কয় যে শাৰদ পাৱাৰে মুৰব্বী পদ ত্যাগৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পর্যন্ত দলৰ উত্তৰসুৰী নিৰ্বাচন কৰাটো উচিত নহ’ব।

পেটেলে কয় যে পাৱাৰে দলৰ নেতৃত্ব প্রজন্ম সলনি হ’ব লাগে বুলি কৈছে, তেওঁ বোধহয় নতুন প্রজন্মই দায়িত্ব গ্রহণ কৰাটো বিচাৰিছে। অৱশ্যে এতিয়া তেওঁ বিচৰা সময় দিয়া উচিত বুলিও পেটেলে কয়। প্রবীণ ৰাজনীতিজনক তেওঁক সিদ্ধান্ত সলনি কৰিবলৈ দলে হেঁচা দি আছে ।

পাৱাৰৰ ঘোষণাৰ পাছত কেবাজনো বিধায়ক আৰু দলীয় বিষয়ববীয়াই পদত্যাগ কৰিব বুলি ঘোষণাও কৰিছে। এই পৰিস্থিতিত আজি পাৱাৰে গঠন কৰা চাৰিজনীয়া কমিটিয়ে পুনৰ শাৰদ পাবাৰকে সভাপতি ৰূপে দায়িত্ব লোৱাৰ সিদ্ধান্ত
গ্ৰহণ কৰাৰ পাছত শাৰদ পাৱাৰে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত সলনি কৰে নে তেওঁৰ কন্যাই পৰৱৰ্তী সভাপতি হয় সেয়া সম্প্রতি লক্ষ্যণীয় বিষয়ৰূপে বিবেচিত হৈছে ।

Exit mobile version