Memorandum Handed Over To Chief Electoral Officer:১১ টা বিৰোধী দলে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াক দিলে স্মাৰক পত্ৰ

২০০১ ৰ লোকপিয়লৰ ভিত্তিত আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী,ঘোষণা অবিহণে মানি লোৱা নহ'ব সমষ্টি পুনৰনিৰ্ধাৰণ

Congress Team Main

Memorandum Handed Over To Chief Electoral Officer:

কংগ্ৰেছৰ উদ্যোগত ৰাজ্যত একত্ৰিত হোৱা ১১ টা বিৰোধী ৰাজনৈতিক দলে আজি জনতা ভৱনত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াক সাক্ষাৎ কৰি দীৰ্ঘ সময় অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ঘোষণা অবিহণে কোনো কাৰণতে অসমত সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

ৰাজ্যৰ ১১ টা ৰাজনৈতিক দলৰ মুঠ ১৫ গৰাকী নেতাৰ প্ৰতিনিধি দলটোৱে এখন সুদীৰ্ঘ স্মাৰক পত্ৰ ৰাজ্যৰ তত্বৱধায়ক মুখ্য নির্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ হাতত অৰ্পণ কৰে আৰু সমগ্ৰ বিষয়টোক লৈ অসমৰ ৰাইজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ শংকা আৰু সন্দেহ সম্পৰ্কত বিস্তাৰিতভাৱে অৱগত কৰে।

বিষয়াগৰাকীয়ে আজিয়েই বিৰোধী দলসমূহৰ স্মাৰক পত্ৰ আৰু শংকা, সন্দেহৰ বিষয়ে দেশৰ নিৰ্বাচন আয়োগক অৱগত কৰিব আৰু যথাসম্ভৱ সোনকালে ইয়াৰ সঠিক উত্তৰ দিবলৈ আয়োগক অনুৰোধ জনাব বুলি প্রতিনিধি দলটোক অৱগত কৰে।

বিৰোধী প্রতিনিধি দলটোত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিধায়ক ৰকিবুল হুছেইন আৰু মনজিং মহন্ত, জাতীয় দল-অসমৰ পৰা সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ পৰা চি কে দাস আৰু কমল নয়ন চৌধুৰী, চি পি এমৰ পৰা ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ পৰা অলক নাথ, চি পি আইৰ পৰা ৰাতুল বৰা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ পৰা পৰেশ বৰুৱা, চি পি আই (এম এল)ৰ পৰা পংকজ কুমাৰ দাস, ৰাষ্ট্ৰীয় জনতা দলৰ পৰা ৰাকেশ ঝা, তৃণমূল কংগ্ৰেছৰ পৰা অৰূপজ্যোতি ভূঞা আৰু দিলীপ শৰ্মা, জনতা দল (ইউনাইটেড)ৰ পৰা পৰেশ নাথ আৰু বিপ্লৱ বাণী বৰগোহাঁয়ে অংশগ্ৰহণ কৰে।

কংগ্ৰেছ বিধায়িনী দলৰ নেতা ৰকিবুল হুছেইনে নেতৃত্ব দিয়া প্রতিনিধি দলটোৰ হৈ হুছেইনৰ উপৰি অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া চি কে দাস, বিশিষ্ট অধিবক্তা কমল নয়ন চৌধুৰী, সাংসদ অজিত কুমাৰ ভূঞা, ইছফাকুৰ ৰহমান আদি নেতাই মূলতঃ সমগ্র সমষ্টি পুনৰনিৰ্ধাৰণ ব্যৱস্থাটো এক অসাধু প্ৰক্ৰিয়াৰে আৰম্ভ কৰা হৈছে বুলি সন্দেহ কৰাৰ যথেষ্ট থল আছে বুলি উল্লেখ কৰি এই সম্পৰ্কত নির্বাচন আয়োগে নিজৰ স্পষ্টতা প্রতিপন্ন কৰিব লাগে বুলি দাবী তোলে।

২০০৮ চনত ২০০১ চনৰ লোকপিয়ল ‘সন্দেহজনক’ বুলি আখ্যা দি সমষ্টি পুনৰনিৰ্ধাৰণ পিছুৱাই দিয়াৰ পিছত ২০২৩ চনত সেই একেই লোকপিয়ল কেনেকৈ সন্দেহমুক্ত বুলি গণ্য কৰা হ’ব পাৰে বুলি নেতাসকলে প্রশ্ন তোলে। তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ‘অজ্ঞাত কাৰণত’ ওলোমাই ৰাখি এতিয়া শাসকীয় দলৰ স্বাৰ্থত নাগৰিকপঞ্জী অবিহণে সমষ্টি পুননির্ধাৰণ কি যুক্তিত মানি লোৱা হ’ব তাৰো উত্তৰ বিচাৰে নেতাসকলে।

সমগ্র প্রতিনিধি দলটোৱে এই সমষ্টি পুনৰনিৰ্ধাৰণ শাসক দলৰ স্বাৰ্থত লৰালৰিকৈ সম্পন্ন কৰিবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। নীতিগতভাৱে সমষ্টি পুনৰনিৰ্ধাৰণ বিৰোধিতা বিৰোধী দলসমূহে কৰা নাই আৰু নকৰে বুলি কৈ নেতাসকলে কয় যে কিন্তু নীতি-নিয়ম জলাঞ্জলি দি ২০১১ চনৰ লোকপিয়ল থকাৰ পিছত ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লোৱা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি দলটোৱে অতি স্পষ্টভাৱে মুখ্য নির্বাচনী বিষয়া গৰাকীক জনাই দিয়ে।

Exit mobile version