Molested Girl Child:মহানগৰীত চিকিৎসক দম্পতীৰ নিকৃষ্ট কাণ্ড

তোলনীয়া কন্যা শিশুক নিৰ্যাতনৰ অভিযোগত ৰজু গোচৰ, ডা:ৱালিউল ইছলাম আৰু কেয়াৰ টেকাৰ গ্ৰেপ্তাৰ,পলাতক মনোৰোগ বিশেষজ্ঞা ড:সংগীতা দত্ত

doctor arrested main

Molested Girl Child:

তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু তেওঁৰ বাসগৃহ বনকৰা মহিলাক । আনহাতে মনোৰোগ বিশেষজ্ঞা ডাঃ সংগীতা দত্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা ৷

উল্লেখ্য যে,শুক্ৰবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পলন্টন বজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক উদ্ধাৰ কৰি গতাই দিয়ে চাইল্ড লাইনক ।

মনকৰিবলগীয়া যে,তেওঁলোকৰ চাৰিবছৰীয়া কন্যা শিশুটিক ফ্লেটৰ চাদত প্ৰখৰ ৰ’দত এখন চকীত বান্ধি ৰাখিছিল ৷ পৰৱৰ্তী সময়ত এই দৃশ্য স্থানীয় প্ৰতিবেশীয়ে দেখি তৎক্ষণাত আৰক্ষী- চাইন্ড লাইনক খবৰ দিয়ে ৷

আৰক্ষী আৰু চাইল্ড লাইনৰ লোক উপস্থিত হৈ শিশুটিত উদ্ধাৰ কৰাৰ লগতে ড:ইছলাম আৰু তেওঁৰ বন কৰা মহিলাক গৰাকীক আটক কৰি পল্টন বজাৰ থানালৈ লৈ যায় ৷

জানিব পৰা মতে শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগ লগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বেও চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছিল । যাৰবাবে শিশু সুৰক্ষা আয়োগত উপস্থিত হ’ব লগা হৈছিল অভিযুক্ত চিকিৎসকগৰাকী । একেদৰে ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছিল ।

শুকুৰবাৰে নিজৰ পালিত কন্যা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে । চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে শুক্ৰবাৰে আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা চলায় । যাৰবাবে তেওঁ অসুস্থ হৈ পৰাত ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত ৷

আনহাতে পল্টনবজাৰ আৰক্ষীয়ে শনিবাৰে বিয়লি আটকাধীন ডাঃ ৱালিউৰ ইছলামক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে,শুক্ৰবাৰে ডাঃ ৱালিউৰ ইছলামক আটক কৰাৰ পাছতে ড:সংগীতা দত্ত ফেচবুকত নিজৰ স্পষ্টীকৰণ দাঙি ধৰিছিল যদিও ইয়াৰ পাছৰে পলাতক অৱস্থাত আছে ৷

আনহাতে আৰক্ষীৰ মাৰাথন জেৰাত চিকিৎসক সংগীতা দত্তৰ ঘৰত বনকৰা যুৱতী লক্ষ্মীৰ বিস্ফোৰক ভাষ্য সদৰি কৰে ৷ বনকৰা যুৱতী লক্ষ্মীয়ে কয়, চিকিৎসক সংগীতা দত্তই বান্ধিব দিছিল কণমানি শিশুটিক ৷

প্ৰাপ্ত খবৰ অনুসৰি পলাতক সংগীতা দত্তই অগ্ৰিম জামিনৰ বাবে অধিবক্তাৰ জৰিয়তে চেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়া খবৰ অনুসৰি পল্টন বজাৰ আৰক্ষীয়ে চিকিৎসক সংগীতা দত্তৰ বাসগৃহত আজি দুপৰীয়া অভিযান চলাই ৷

নিজৰ তোলনীয়া কন্যা শিশুৰ ওপৰত চিকিৎসক দম্পতীৰ নিৰ্যাতনৰ বিষয়ে সদৰি হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কোনো ক্ষেত্ৰতে যেন দম্পতীহালে আইনৰ সুৰুঙাৰে ৰেহাই নাপায় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে ৷

Exit mobile version