Dr.Sangita Dutta Arrested In khanapara:অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক সংগীতা দত্ত

পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ ৰিভয় অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে শিশু নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্ত গৰাকীক

sangita dutta arrested

Dr.Sangita Dutta Arrested In khanapara:

তোলনীয়া কন্যাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ডা:সংগীতা দত্ত ৷ দুদিন ধৰি পলাতক অৱস্থাত আছিল মনোৰোগ বিশেষজ্ঞা গৰাকী ৷ পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ মেঘালয়ৰ ৰিভয় অঞ্চলৰ এটি গৃহত আশ্ৰয় লৈ থকা অৱস্থাত এডিচিপি নন্দিনী কাকতিৰ নেতৃত্বত যোৱা এটি দলে গ্ৰেপ্তাৰ কৰে শিশু নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্ত সংগীতা দত্তক ৷  নিশা প্ৰায় ২ বজাত কাপোৰেৰে মুখ ঢাকি পল্টন বজাৰ থানালৈ অনা হৈছে সংগীতা দত্তক

উল্লেখ্য যে,লকআপত ছেলেব্রিটি চিকিৎসক সংগীতা দত্তই নিশাটো কটাবৰ বাবে আৰক্ষীৰ পৰা শ্লিপিং টেবলেট, মহৰ কামোৰৰ পৰা বাচিবলৈ বিচনা চাদৰ, কম্বল বিচাৰি কৰিলে হাহাকাৰ ৷

ইতিমধ্যে নিশাই দুই বজাত আটক কৰাৰ পাছত ডা:দত্তক পানবজাৰ মহিলা আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে জ্যেষ্ঠ আৰক্ষী বিষয়াই।

উল্লেখ্য যে,নিজৰ তোলনীয়া কন্যা শিশুটিক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত শুক্ৰবাৰে গ্ৰেপ্তাৰ হৈছিল চিকিৎসক ডাঃ ৱালিউল ইছলাম আৰু তেওঁৰ বাসগৃহ বনকৰা মহিলাক ৷ কিন্ত পলাতক হৈ আছিল মনোৰোগ বিশেষজ্ঞা ডাঃ সংগীতা দত্ত ।

১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা৷

উল্লেখ্য যে,শুক্ৰবাৰৰ দিনটোত চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বাসগৃহৰ পৰা পলন্টন বজাৰ আৰক্ষীয়ে তোলনীয়া কন্যা শিশুটিক উদ্ধাৰ কৰি গতাই দিয়ে চাইল্ড লাইনক

মনকৰিবলগীয়া যে,তেওঁলোকৰ চাৰিবছৰীয়া কন্যা শিশুটিক ফ্লেটৰ চাদত প্ৰখৰ ৰ’দত এখন চকীত বান্ধি ৰাখিছিল ৷ পৰৱৰ্তী সময়ত এই দৃশ্য স্থানীয় প্ৰতিবেশীয়ে দেখি তৎক্ষণাত আৰক্ষী আৰ চাইন্ড লাইনক খবৰ দিয়ে ৷

আৰক্ষী আৰু চাইল্ড লাইনৰ লোক উপস্থিত হৈ শিশুটিত উদ্ধাৰ কৰাৰ লগতে ড:ইছলাম আৰু তেওঁৰ বন কৰা মহিলাক গৰাকীক আটক কৰি পল্টন বজাৰ থানালৈ লৈ যায় ৷

শেহতীয়াকৈ জানিব পৰা মতে শিশুটিৰ ক্ষেত্ৰত নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ লগ লগেই দম্পতীহালে শিশুকেইটা তুলি লোৱাৰ যাৱতীয় নথি-পত্ৰৰ তথ্য বিচাৰিছে আৰক্ষীয়ে । ইয়াৰ পূৰ্বেও চিকিৎসক ৱালিউল ইছলামৰ বিৰুদ্ধে পূৰ্বেও শিশু নিৰ্যাতনৰ অভিযোগ আছিল ।

যাৰবাবে শিশু সুৰক্ষা আয়োগত উপস্থিত হ’ব লগা হৈছিল অভিযুক্ত চিকিৎসকগৰাকী । একেদৰে ডাঃ ৱালিউৰ ইছলামৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক, মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছিল ।

শুকুৰবাৰে নিজৰ পালিত কন্যা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত শিশু সুৰক্ষা আয়োগে নিজাববীয়া এক গোচৰ তৰিছে । চিকিৎসক দম্পতীয়ে শিশুকেইটাক অবৈধভাৱে তুলি লোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে শুক্ৰবাৰে আটক হোৱাৰ পিছতেই ডাঃ ৱালিউৰ ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ চেষ্টা চলায় । যাৰবাবে তেওঁ অসুস্থ হৈ পৰাত ইতিমধ্যে ভৰ্তি কৰা হৈছিল জি এম চি এইছত ৷

আনহাতে পল্টনবজাৰ আৰক্ষীয়ে শনিবাৰে বিয়লি আটকাধীন ডাঃ ৱালিউৰ ইছলাম আৰু কেয়াৰ টেকাৰ গৰাকী মহিলা গৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাছত সাতদিনৰ বাবে পুনৰ আৰক্ষী জিন্মাত দিয়ে ৷

উল্লেখযোগ্য যে,শুক্ৰবাৰে ডাঃ ৱালিউৰ ইছলামক আটক কৰাৰ পাছতে ড:সংগীতা দত্ত ফেচবুকত নিজৰ স্পষ্টী কৰণ দাঙি ধৰিছিল যদিও ইয়াৰ পাছৰে পলাতক অৱস্থাত আছিল ৷ শনিবাৰে পল্টন বজাৰ আৰক্ষীয়ে চিকিৎসক সংগীতা দত্তৰ বাসগৃহত অভিযান চলাইছিল ৷

নিজৰ তোলনীয়া কন্যা শিশুৰ ওপৰত চিকিৎসক দম্পতীৰ নিৰ্যাতনৰ বিষয়ে সদৰি হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কোনো ক্ষেত্ৰতে যেন দম্পতীহালে আইনৰ সুৰুঙাৰে ৰেহাই নাপায় তাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন মহলে ৷

শিশুটিক আইন বহির্ভূতভাৱে দত্তক লোৱাৰ অভিযোগ শিশু সুৰক্ষা আয়োগৰ:

ভুক্তভোগী কন্যা শিশুটিক আইন বহির্ভূতভাৱে চিকিৎসক দম্পতীয়ে দত্তক লোৱাৰ অভিযোগ উঠিছে। শিশুটিৰ দত্তক লোৱাৰ সন্দৰ্ভত চিকিৎসক দম্পতীয়ে যাৱতীয় প্ৰমাণপত্ৰ আৰক্ষীৰ সন্মুখত দাখিল কৰিবলৈ সক্ষম নোহোৱাৰ সমান্তৰালভাৱে এই দত্তক অবৈধ বুলি সদৰী কৰিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে।

আয়োগৰ অধ্যক্ষ ডাঃ সুনীতা চাংকাকতিয়ে ‘দৈনিক অগ্ৰদূত’ৰ আগত সদৰী কৰা অনুসৰি, যি আইনী ব্যৱস্থাৰ মাজেৰে এজন শিশুক দত্তক ল’ব লাগে, চিকিৎসক দম্পতীয়ে সেই আইনৰ মাজেৰে দত্তক লোৱা নাছিল। এই ক্ষেত্ৰত থকা কাৰা’ (চিত্ৰ আৰএ) আইনৰ নীতি-নিয়ম সম্পূর্ণৰূপে উলংঘা কৰা হৈছে আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তৰফৰ পৰা আৰক্ষীক অৱগত কৰা হৈছে বুলি ডাঃ চাংকাকতিয়ে কয়। উল্লেখ্য যে এই দিশটো তদন্ত চলিব বুলি শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষগৰাকীয়ে সদৰী কৰে।

শিশুক মানসিক-শাৰীৰিক নির্যাতন চলোৱাৰ ক্ষেত্ৰত শিশু ন্যায় আইনৰ অধীনত গোচৰ:

ইফালে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে শিশুক অকথ্য মানসিক আৰু শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীৰ বিৰুদ্ধে গোচৰ তৰিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে । অভিযুক্তৰ বিৰুদ্ধে শিশু ন্যায় আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ মহানগৰ আৰক্ষীক লিখিত পত্ৰ প্ৰদান কৰিছে আয়োগে। আয়োগৰ অধ্যক্ষ ডাঃ চাংকাকতিয়ে এই কথা সদৰী কৰি পূৰ্বেও ধৃত চিকিৎসক ইছলামৰ বিৰুদ্ধে শিশু নির্যাতনৰ অভিযোগ উঠিছিল বুলি কয়। তেওঁ কয়, ডাঃ ইছলামৰ বিৰুদ্ধে ২০১৯তো একে অভিযোগ উত্থাপন হৈছিল। ইছলামৰ পূৰ্বৰ পত্নীয়ে এই অভিযোগ উত্থাপন কৰিছিল আৰু ডাঃ ইছলামে সেই সময়তো কন্যাক অকথ্য নির্যাতন চলাইছিল।’ উল্লেখ্য যে ডাঃ ইছলাম আৰু ডাঃ দত্তৰ এয়া কেই নম্বৰ বিবাহ সেয়া পোহৰলৈ অহা নাই যদিও সম্প্রতি পৰিয়ালটোত ডাঙৰ কন্যা সন্তান আৰু ভুক্তভোগী কন্যাসহ আন এজন পুত্র তথা যমজ সন্তান আছে বুলি দাবী কৰি আহিছে। ইয়াৰে জ্যেষ্ঠা কন্যা ডাঃ দত্তৰ পূৰ্বৰ স্বামীৰ । সন্তান হোৱাৰ লগতে যমজ সন্তান বুলি দাবী কৰি অহা শিশুদ্বয় দত্তক লোৱা বুলি শিশু অধিকাৰ সুৰক্ষা আয়োগে সদৰী কৰি । এই দত্তক অবৈধ বুলি দাবী কৰিছে।

ডিএনএ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ:

ইফালে, আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুক্তভোগী শিশুটিৰ ডিএনএ পৰীক্ষাৰ বাবে নমুনা সংগ্রহ T কৰা হয়। এই নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হ’ব বুলি সংশ্লিষ্ট কর্তৃপক্ষই সদৰী কৰিছে। উল্লেখ্য যে শিশুটিক প্ৰকৃততে দত্তক লোৱা হৈছিল নে ‘ছাৰ’গেট’ কৰা হৈছিল সেই সন্দৰ্ভত এতিয়াও আৰক্ষী স্পষ্ট হোৱা নাই। ফলত এই দিশত তদন্ত চলোৱা হ’ব বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

অভিজাত টাউন ক্লাবৰ সদস্য-হাইপ্ৰ’ফাইল লোকৰে ঘনিষ্ঠ চিকিৎসক দম্পতীয়ে আইনৰ সূৰুঙাৰে বাচি যাব নেকি-সামাজিক মাধ্যমত চৰ্চা:

ভদ্রতাৰ মুখা খোল খোৱাৰ পাছত সম্প্ৰতি পলাতক হৈ থকা ডাঃ সংগীতা দত্ত বহু হাইপ্ৰ’ফাইল লোকৰে আছে অতি ঘনিষ্ঠতা। সমান্তৰালভাৱে চিকিৎসক দম্পতী এক অভিজাত টাউন ক্লাবৰো সদস্য। ফলত তেওঁলোক আইনৰ সূৰুঙাবে বাচি যাবলৈ সক্ষম হ’ব নেকি বুলি সামজিক মাধ্যমত বিভিন্নজনে হাইপ্ৰ’ফাইল লোকৰ স’তে চিকিৎসক দম্পতীৰ ফটো প্ৰচাৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে।

সততে টিভিৰ পৰ্দাত নৈতিকতাৰ পাঠ দিয়া বিশিষ্ট চিকিৎসক দম্পতী তথা মনোৰোগ বিশেষজ্ঞ ডাঃ দত্ত আৰু ডাঃ ইছলামৰ এয়াই মুখৰ আঁৰৰ মুখ বুলি বিভিন্নজনে সামাজিক মাধ্যমত প’ষ্ট কৰি মানসিক ৰোগৰ সমাধান দিয়া লোকেই আজি মানসিক ৰোগী আৰু শিশু নির্যাতনকাৰী বুলি উষ্মা প্রকাশ কৰিছে।

Exit mobile version