Two Years Of Himanta Viswa Sarma Government :চৰকাৰৰ দুবছৰ : প্ৰতিশ্ৰুতি দিও পুনৰুদ্ধাৰত ব্যর্থ

চৰম দুৰৱস্থালৈ গতি কৰিছে ৰাজ্যৰ নিকায়-নিগম, যিকোনো মুহূৰ্ততে বন্ধ হ'ব পাৰে অসমৰ এটাৰ পাছত আনটো প্ৰতিষ্ঠান, ৰাজনীতিকক সংস্থাপনতে সীমাৱদ্ধ নিগমসমূহ

hbs

Two Years Of Himanta Viswa Sarma Government :

সফলতাৰ জয়গান গাবলৈ শাসনৰ দুবছৰ বিশাল আয়োজনৰে উদযাপন কৰিবলৈ অসম চৰকাৰে উপপথপ লগাইছে। কিন্তু এই দুবছৰৰ চৰকাৰখনে যিবোৰ কাম কৰিব নোৱাৰিলে তাৰে অন্যতম হ’ল চৰম দুৰৱস্থাত ভুগি থকা নিগমসমূহৰ উন্নয়ন সাধন। অথচ প্ৰতিটো এনে নিগমক পূৰ্বৰ ভাল দিনলৈ ঘুৰাই নিয়াৰ প্ৰতিশ্ৰুতি এইখন চৰকাৰেই দিছিল।

কিন্তু প্রতিশ্রুতি ৰক্ষা নহ’ল। এইবোৰ কেৱল মাত্র ৰাজনৈতিক সংস্থাপনৰহে একোটা উৎস হৈ ৰ’ল। কেইটামান দুর্দশাগ্রস্ত অতি গুৰুত্বপূৰ্ণ নিগমৰ উদাহৰণেই ইয়াৰ বাবে যথেষ্ট। ৰাজ্যৰ শিপিনী আৰু আত্মসহায়ক গোটবোৰৰ সবাহৰ বাবে থকা আর্টফেডক সীমাহীন দুৰৱস্থাই হেঁচি ধৰিছে। অথচ কেইবছৰমান আগলৈ আর্টকেড আছিল অসমৰ বেছিভাগ লোকৰে আবেগৰ এক অনুষ্ঠান।

সেই আর্টফেড যিকোনো মুহূর্ততে বন্ধ হোৱাৰ উপক্ৰম হৈছে। যোৱা ১৬ মাহে ইয়াৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰা নাই। জাগৰণ নামৰ ইয়াৰ বিক্ৰী কেন্দ্ৰবোৰো বন্ধ হৈছে। কোনো কোনো স্থানত জাগৰণৰ দৰ্জা খোলা থাকিলেও তাত বিক্ৰী কৰিবলৈ সামগ্রী নাই। যি আছে সেয়া বহু আগৰ। কাৰণ এই কেন্দ্ৰবোৰত অসমৰ থলুৱা হস্ততাঁত আৰু হস্তশিল্পৰ যিবোৰ সামগ্ৰী উপলব্ধ হৈছিল তাৰ যোগান বন্ধ হৈছে।

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ তেনে এটি নিগম। বিভাগীয় সূত্ৰত প্ৰকাশ যে ইয়াৰো কাম-কাজ বন্ধ হৈ পৰাৰ পাছত নিগমটো নামত চলাই থকাৰ বাবে সাৰ যোগান ধৰাৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে এয়াও ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবেহে সম্ভৱ হৈছে। পৰিষদখন বন্ধ কৰিবলৈ চৰকাৰে তৎপৰতা চলোৱাৰ সময়ত কৰ্মচাৰীসকল ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ৰ হস্তক্ষেপত চৰকাৰে বন্ধ কৰাত বাধাৰ সৃষ্টি হয় ।

দুৰৱস্থাই গ্রাস কৰা আন এটি অনুষ্ঠান হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম। এক স্বতন্ত্র অনুষ্ঠান হোৱা সত্ত্বেও নিগমটো চৰকাৰৰ দয়াৰ ওপৰতহে চলি আছে। কৰ্মচাৰীৰ দৰমহাৰ বাবে বছৰি বৃহৎ পৰিমাণৰ ধন ৰাজ্য চৰকাৰে আদায় দি থাকিবলগীয়া হৈছে। উন্নয়নৰ ঢাক-ঢোল বজাবলৈ পৰিবহণ বিভাগে নতুন নতুন বাছ নিগমৰ জৰিয়তে ক্ৰয় কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে নিগমৰ আস্থান আৰু কাৰখানাত দম লাগিছে বিকল লাখ লাখটকীয়া বাছবোৰ। অসম চাহ নিগম চৰকাৰৰ বিফলতাৰ আন এক উদাহৰণ। নিগমৰ ইখনৰ পাছত সিখন বাগিচা নিগমে লীজত দিছে। চৰকাৰৰ লক্ষ্য অনুসৰি আটাইকেইখন বাগিচা পৰ্যায়ক্রমে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হ’ব।

উল্লেখ্য যে অসম চাহ নিগমৰ নিজা বাগিচাৰ সংখ্যা হ’ল ১৮ খন। ইয়াৰে নখনৰো অধিক ইতিমধ্যে লীজত দিয়া হৈছে। চৰকাৰে নিগমৰ কমেও ১৫ খন বাগিচা লীজত দিয়াৰ বাবে আগবাঢ়িছে। পৰৱৰ্তী সময়ত আন তিনিখনো লীজত দিয়া হ’ব। অসম পশুধন উন্নয়ন নিগম, বেচা-কিনা নিগমো এনে দুটা প্রতিষ্ঠান।

Exit mobile version