Cleanliness Drive :স্বচ্ছতাৰ ক্ষেত্ৰত দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ অভিযান অব্যাহত

নাগৰিক সমিতিৰ এই অংশগ্ৰহণ জি এম চিৰ পাৰিষদ বাসন্তী কলিতা দুৱৰাৰ

janakpur2

Cleanliness Drive :

নিজৰ এলেকা পৰিষ্কাৰ-পৰিছন্নতাৰে ৰখাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। এই উদ্দেশ্যৰে দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। বিগত কিছুদিন ধৰি নাগৰিক সমিতিয়ে কেৱল সজাগতাই নহয় হাতে-কামেও অব্যাহত ৰাখিছে স্বচ্ছতাৰ এই অভিযান।

নাগৰিক সমিতিয়ে এইবাৰ তৃতীয় বাৰৰ বাবে অভিযান চলাই। দেওবাৰে তৃতীয় দিনৰ বাবে স্বচ্ছতাৰ অভিযান চলাই জনকপুৰ অঞ্চলৰ ৰ’দালী পথত। পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰা এই অভিযানত নাগৰিক সমিতিৰ সদস্য সকলৰ লগতে ৰ’দালী পথৰ বাসিন্দা সকলে সহযোগ কৰা পৰিলক্ষিত হয়।

দেওবাৰে পুৱা সকলোৱে হাতে হাতে ঝাড়ু, দা,কোৰ আদি লৈ তৃতীয় দিনাও স্বচ্ছতাৰ অভিযান অব্যাহত ৰাখে। নাগৰিক সমিতিৰ এই অভিযানত অংশগ্ৰহণ কৰে ৪১ নং ওৱাৰ্ডৰ পাৰিষদ বাসন্তী কলিতা দুৱৰাই। তাৰোপৰি এই কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াই গুৱাহাটী পৌৰ নিগমৰ হৈ ৱেলফেয়াৰ চ’ছাইটিয়ে।

চ’ছাইটিয়ে নিজা গাড়ী এই অভিযানত ব্যৱহাৰ কৰি জাৱৰ সমূহ লৈ যায়। দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ এই অভিযানত অংশগ্ৰহণ কৰে বিপুল শৰ্মা পণ্ডিত, গুণাভিৰাম বৰুৱা, ডাঃ মনোজ কুমাৰ মজুমদাৰ, সত্যৰঞ্জন বৰুৱা, দীপক বৰা, সুৰেন্দ্ৰ কুমাৰ দাস, হেমন্ত শইকীয়া, হিমাংশু চৌধুৰী, ৰমেশ শৰ্মা, হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্য্য, ডাঃ দেৱব্ৰত ঠাকুৰীয়া, অপূৰ্ব কুমাৰ বৰা, নিৰঞ্জন ঠাকুৰীয়া, সত্যনাথ ডেকা, গীতাঞ্জলি শৰ্মা বৰুৱা, অমল দেউৰী, নয়ন মনি মোহন, প্ৰশান্ত কুমাৰ দাস আৰু সনাতন দাস।

নাগৰিক সমিতিৰ এই অভিযানত অংশ গ্ৰহন কৰা বাবে পাৰিষদ বাসন্তী কলিতা দুৱৰাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ সম্পাদক বিপুল শৰ্মা পণ্ডিতে।

Exit mobile version