Guwahati Student Suicide :মহানগৰীৰ চাউথ পইন্ট স্কুলত অঘটন

হোষ্টেলৰ কোঠাত আত্মহত্যা দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ

south point

Guwahati Student Suicide :

মহানগৰীৰ বৰ্ষাপাৰাস্থ চাউথ পইণ্ট স্কুলত সোমবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ পুৱাভাগতে অভিজাত শিক্ষানুষ্ঠান খনৰ ভিতৰতে আত্মহত্যা কৰে এজন ছাত্ৰই ৷

বিদ্যালয় খনৰ চৌহদৰ সংলগ্ন বয়ছ হোষ্টেলৰ চাৰি নম্বৰ মহলাৰ এটাৰ কোঠাত আত্মহত্যা কৰে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ এজনে ৷

প্ৰাপ্ত খবৰ অনুসৰি মৃত ছাত্ৰ জন অৰুণাচল প্ৰদেশৰ তজো বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে শিক্ষানুষ্ঠানখনত আৰক্ষী উপস্থিত হৈ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত ৷

চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে কৰ্তৃপক্ষই বিদ্যালয়ৰ পাঠদান সম্পূৰ্ণৰূপে বাতিল কৰিছে ৷

Exit mobile version