SCRET Ex Director Arrested In Rajasthan:এছচিইআৰটি ১০৫ কোটি আত্মসাৎ শাহু- জোৱায়েকৰ

আত্মগোপন কৰি থকা এছচিইআৰটিৰ নিলম্বিত সঞ্চালিকা শেৱালী দেৱী শৰ্মা, জোৱায়েক অজিত পাল সিঙ সহ দুজনক গ্ৰেপ্তাৰ ৰাজস্থানত

SEART SCAM

SCRET Ex Director Arrested In Rajasthan:

এছচিইআৰটি ১০৫ কোটি টকা আত্মসাৎ কৰি ইতিমধ্যে নিলম্বন হৈ আত্মগোপন কৰি থকা নিলম্বিত সঞ্চালিকা শেৱালী দেৱী শৰ্মাক যোৱা নিশা মুখ্যমন্ত্ৰী তদাৰকী শাখাই ৰাজস্থান আৰক্ষীৰ সহযোগত ৰাজস্থানৰ আজমেৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে,এছচিইআৰটিৰ ১০৫ কোটি আত্মসাৎ কৰিছিল শাহু- জোৱায়েকে।

শেৱালী দেৱী শৰ্মাৰ স’তে আন তিনিজনক ৰাজস্থানৰ আজমেৰৰ ক্ৰছলেণ্ড কোঠালি নামৰ হোটেল খনত আত্মগোপন কৰি বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰিছিল চি এম ভিজিলেঞ্চে

অৱশেষত দেওবাৰে নিশা অভিযান চলাই শেৱালী দেৱী শৰ্মাৰ স’তে আন তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ আজি ধৃত শেৱালী দেৱী শৰ্মাৰ স’তে আন তিনিজনক আজমেৰৰ আদালতত হাজিৰ কৰি ট্ৰেনজিত ৰিমাণ্ডত লৈ অসমলৈ অনা হৈছে  ৷

উল্লেখযোগ্য ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সংঘটিত ১০৫ কোটিটকীয়া বিত্তীয় কেলেংকাৰিৰ মূল অভিযুক্ত আইএএছ বিষয়া তথা পৰিষদৰ নিলম্বিত সঞ্চালিকা শেৱালী দেৱী শৰ্মাৰ আত্মগোপনৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বহিঃৰাজ্যলৈ পলায়নৰ দিশটোৰ ওপৰতো শেন দৃষ্টি নিক্ষেপ কৰিছিল ৷

এই কেলেংকাৰিৰ আন এজন অভিযুক্ত তথা শৰ্মাৰ সৰু জোঁৱাই অজিত পাল সিঙেও আত্মগোপন কৰিছিল। কিন্ত দেওবাৰে নিশা শেৱালী দেৱী শৰ্মাৰ স’তে অজিত পাল সিঙ,ঠিকাদাৰ ৰাহুল আমিন ,বন কৰা যুৱতী মাজনী কাইথাকো মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ৰাজস্থানৰ আজমেৰৰ হোটেলত ৷ অৱশ্যে এতিয়াও পলাতক এছচিইআৰটিৰ ষ্টেন’ গ্ৰাফাৰ ৰুবুল আলী ৷

ইপিনে, মাতৃৰ সন্ধান উলিয়াবলৈ শৰ্মাৰ দুই জীয়ৰী তদাৰকী শাখাই নিজৰ কাৰ্যালয়ত দীৰ্ঘসময় সোধ-পোছ কৰিছিল। পাছত দুয়োকে ঘৰলৈ যোৱাৰ অনুমতি দিয়ে।

আনহাতে, বুধবাৰে গ্ৰেপ্তাৰ কৰা এছচিইআৰটিৰ প্রাক্তন উপ-সঞ্চালক তথা ন’ডেল বিষয়া ড° এল এন সোণোৱাল, পৰিষদৰ কাৰ্যালয়ৰ গাণনিক জয়চন্দ্ৰ লহকৰ,কার্যালয় সহায়ক ৰমিজ উদ্দিন আহমেদ, চনদপ্রাপ্ত হিচাপ ৰক্ষক (চিত্র) সাৰংগ ম’ৰে আৰু শেৱালী দেৱীৰ বৰজোঁৱাই তথা পূর্বতেও বহু কেলেংকাৰিত জড়িত থকা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশীক সংস্থাটোৱে মাৰাথন জেৰা কৰি লাভ কৰিছে কেলেংকাৰীৰ বহু তথ্য ৷

তদুপৰি আটাইকেইজনক বিশেষ আদালততো হাজিৰ কৰিছিল। আদালতে ধৃতকেইজনক দুদিনৰ বাবে তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ২০১৭ৰ পৰা ২০২২লৈ শেৱালী দেৱীৰ নেতৃত্বত এই বৃহৎ ধনৰ কেলেংকাৰি সংঘটিত হৈছিল।

পূৰ্বৰে পৰা দুৰ্নীতিত অভ্যস্ত শেৱালী দেৱী শৰ্মাই বিভাগীয় অনুমোদন অবিহনে দুই জোঁৱায়েক যোশী আৰু অজিত পালক উক্ত বৃহৎ পৰিমাণৰ ধনৰ ঠিকা আবণ্টন দিছিল। স্মার্ট ক্লাছ, শৌচাগাৰ, লোহাৰ গেট, দেৱাল নির্মাণ আদি বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কামৰ নামত এই ধন মোকলাই দিছিল।

আনহাতে, শাহুয়েক সঞ্চালিকা হোৱাৰ সুবাদতে দুই জোঁৱায়েকে ঠিকাৰ সমস্ত কাম অতি নিম্ন মানৰে কৰি অধিকাংশ ধন আত্মসাৎ কৰে।

মনকৰিবলগীয়া যে,আটকাধীন এছচিইআৰটি ৰ নিলম্বিত প্রাক্তন উপ-সঞ্চালক তথা ন’ডেল বিষয়া ড° এল এন সোণোৱালৰ ছত্ৰছায়াতে নগাঁৱত এছ আৰ কে জুনিয়ৰ কলেজ খনৰ স্বয়ম্ভু অধ্যক্ষ জাকিৰ হুছেইন ভূঞাই অবৈধভাৱে ডি এল এড পৰীক্ষাৰ নামত বহু প্ৰশিক্ষাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি পৰীক্ষাত অৱতীৰ্ণ কৰোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version