Balipara Accident: বালিপাৰাত মাজুলীৰ বিধায়ক ভুৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

আহত বিধায়ক গাম ,পত্নী আৰু দেহৰক্ষী

bhubangam 1

Balipara Accident:

শোণিতপুৰৰ বালিপাৰাত আজি দুপৰীয়া ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত মাজুলীৰ বিধায়ক ভুৱন গাম,তেওঁৰ পত্নী আৰু দুই দেহৰক্ষী আহত হয় ।

প্ৰাপ্ত খবৰ অনুসৰি নিজা বাহনেৰ বিধায়ক ভুৱন গাম লখিমপুৰৰ পৰা তেজপুৰ দিশে আহি থকা পথত শোণিতপুৰ জিলাৰ বালিপাৰাত বিপৰীত দিশৰ পৰা অহা এখন বলেৰ’বাহনৰ স’তে মুখামুখি সংঘৰ্ষ হয় ৷

দ্ৰুতগতিত অহা বলেৰ’ বাহনে খুন্দা মাৰে বিধায়কজনৰ এ এছ ০১ এফ এফ ১২০০ নম্বৰ কিয়া কাৰ্নিভেল বাহনখনত। ফলত বাহনখনত থকা বিধায়ক ভুৱন গাম আৰু তেওঁৰ পত্নী, দুই দেহৰক্ষী আহত হয় ।

আনহাতে এ এছ ১২ ৱাই ৭২৮৯ নম্বৰৰ বলেৰ’ বাহনখন দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে পথৰ কাষত বাগৰি পৰাত বাহন খনৰ আৰোহী সকলো আহত হয় ৷

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হোৱা ১০৮ এম্বুলেন্সৰে বিধায়ক গাম সহ সকলোকে বালিপাৰা চিকিৎসা কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নিয়া হয় তেজপুৰস্থিত টাইমছ হাস্পতাললৈ।

টাইমছ হাস্পতালৰ চিকিৎসকে সদৰি কৰা মতে, আহত বিধায়ক গাম আৰু তেওঁৰ পত্নী ,দেহৰক্ষী সম্প্ৰতি বিপদমুক্ত

Exit mobile version