Madhya Pradesh Accident:মধ্যপ্ৰদেশৰ খাৰগোনাত ভয়ংকৰ অঘটন

দলঙৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ, নিহত ১৫ , আহত ২৫ জন,উদ্ধাৰ অভিযান অব্যাহত

mp accident1

Madhya Pradesh Accident:

মধ্যপ্ৰদেশৰ খৰগোনত সংঘটিত হোৱা এই ভয়ংকৰ বাছ দুুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে প্ৰায় ১৫ জনে আহত হয় ২৫ জনকৈ লোক৷ প্ৰাপ্ত খবৰ অনুসৰি মঙলাবাৰে পুৱাভাগত ভূপালৰ পৰা ইন্দোৰলৈ গৈ থকা পথত দ্ৰুতবেগী বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা তললৈ সৰি পৰে। ফলত থিতাতে নিহত হয় ১৫ জনকৈ যাত্ৰী ৷

উল্লেখ্য যে,দুৰ্ঘটনাগ্ৰস্ত বাছখনত যাত্ৰী আছিল প্ৰায় ৪০ জন লোক। ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত দৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷

আনহাতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শোকাৱহ দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক চাৰিলাখ টকাৰ সাহায্যৰ বিপৰীতে গুৰুত্বৰভাৱে আহতক ৫০,০০০ টকা আৰু সামান্য আঘাত পোৱা সকলক ২৫,০০০ টকা প্ৰদানৰ কথা ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্ঘটনাত আহত লোকসকলক চৰকাৰীভাৱে উন্নত চিকিৎসা প্ৰদান কৰাৰ কথাও সদৰি কৰে ৷

Exit mobile version