karnataka Election Polling Underway:কর্ণাটকত বিধানসভা নির্বাচনৰ ভোটগ্ৰহণ আৰম্ভ দুপৰীয়া লৈকে ভোটদানৰ হাৰ ৩৭ শতাংশ

karnataka poll

karnataka Election Polling Underway:

আজি পুৱাৰে পৰা আৰম্ভ হৈছে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ। পুৱা ৭ বজাৰ মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।

ADVERTISEMENT

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে হাইভল্টেজ নিৰ্বাচন ৰূপে পৰিগণিত হোৱা দক্ষিণৰ অন্যতম ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ১৩ মে’ত । ২২৪খন আসনৰ বাবে আৰম্ভ হোৱা নিৰ্বাচনী যুঁজত ২,৬১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৫.২১ কোটি ভোটাৰে । দুপৰীয়া লৈকে ভোটদানৰ হাৰ ৩৭ শতাংশ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যখনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগ প্রতিটো ভোটগ্রহণ কেন্দ্রত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

মনকৰিবলগীয়া যে, এই নিৰ্বাচনত ৰাজ্য খনৰ কেইবাটাও আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মুলত: বিজেপি, কংগ্ৰেছ আৰু জেডি(এছ)ৰ মাজত তিনিকোণীয়া প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজনৈতিক পৰ্যবেক্ষক মহলে ৷

আনহাতে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে কে’বাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰাক্‌ নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছৰ সপক্ষে বতাহ বলাৰ ইংগিত দিছে ৷

Exit mobile version