Launching Of Chief Minister’s Ayushman Assam Scheme:শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপুৰ্তি উদযাপন

আয়ুস্মান অসম আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

KALAKHETRA

Launching Of Chief Minister’s Ayushman Assam Scheme:

‘ৰাজ্যত ৰেছন কাৰ্ড থকা সকলো পৰিয়ালেই বুধবাৰৰ পৰা লাভ কৰিব সকলো ৰোগৰে বিনামূলীয়া চিকিৎসা সেৱা।’ ৰাজ্য চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি উপলক্ষে আজি শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডত নতুনকৈ সংযোজন কৰা
আয়ুস্মান অসম আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় ৷

হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপুৰ্তি উদযাপনৰ বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাগ লৈ ভাষণ প্ৰসংগত কয়,এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালেই বছৰি পাঁচ লাখ টকালৈকে যিকোনো ৰোগৰে বিনামূলীয়াকৈ চিকিৎসা কৰাবলৈ সক্ষম হ’ব।

প্রধানমন্ত্ৰীৰ আয়ুষ্মান বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনিৰ আৰ্হিত অসম চৰকাৰেও নিজস্বভাবে প্রস্তুত কৰি উলিওৱা আয়ুস্মান অসম আঁচনি পৰা ৰাজ্যৰ কে’বা লক্ষাধিক লোক লাভাম্বিত হ’ব ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, ৰাজ্যৰ প্ৰতিটো যোগ্য পৰিয়ালৰ বাবে বছৰি পাঁচ লাখ টকা পর্যন্ত নগদবিহীন চিকিৎসাসেৱা প্ৰদান কৰা হ’ব এই স্বাস্থ্য নিশ্চয়তা আঁচনিৰ জৰিয়তে ।

আনহাতে আধাৰ কাৰ্ড থকা যিসকল হিতাধিকাৰী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত তালিকাভুক্ত কিন্তু এ বি পি এম জে এ ৱাই ৰ অধীনত সামৰি লোৱা হোৱা নাই, তেনেলোকক এই আঁচনিৰ বাবে যোগ্য বিবেচিত কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তেওঁ আৰু কয়, সমগ্ৰ অসমত ৩০০ খনতকৈও অধিক তালিকাভুক্ত চিকিৎসালয় আৰু দেশৰ সকলো এ বি পি এম জে এ ৱাই তালিকাভুক্ত চিকিৎসালয়ত ১৫৭৮ প্ৰক্ৰিয়া উপলব্ধ হ’ব ৷ আঁচনিখনৰ অধীনত প্ৰায় ২৬ লাখ হিতাধিকাৰী পৰিয়ালক সামৰি লোৱা হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে বিগত দুটাবৰ্ষত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনি আৰু বিভিন্ন কামৰ এক বিস্তৃত ক্ষতিয়াণ দাঙি ধৰে ৷

বৰ্ষপুৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,অতুল বৰা, কেশৱ মহন্ত, ইউ জি ব্ৰক্ষ্ম, পৰিমল শুক্ল বৈদ্য,চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ, বিমল বৰা, জয়ন্তমল্ল বৰুৱা, পীয়ুষ হাজৰিকা ,নন্দিতা গাৰ্লোচা সঞ্জয় কিষান,সাংসদ আৰু বিধায়কৰ লগতে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু ডি জি পি জি পি সিং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version