Sangita Dutta Case Update :জি এম চি এইছত ডা:সংগীতা দত্তৰ নাটক !

তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ, ডি এন এৰ তেজৰ নমুনা ল'বলৈ নিদিলে চিকিৎসকক, মোক বচাওক, মই একো কৰা নাই...' নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ

sangita dutta new

Sangita Dutta Case Update :

তোলনীয়া কণমানি শিশুক পাশৱিক নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক সংগীতা দত্তক বুধবাৰে জি এম চি এইচলৈ আৰক্ষীয়ে অনাৰ সময়ত মঞ্চস্থ কৰে এখন কৌশলী নাটক ৷ তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ ৷
দুপৰীয়া ভাগত ডি এন এৰ তেজৰ নমুনা ল’বৰ বাবে ডা:সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী নিৱেশৰ লকাপৰ পৰা অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্ত ডা: সংগীতাই বেজিলৈ ভয় লাগে বুলি কৈ তেজৰ নমুনা দিয়াৰ পৰা বিৰত থাকি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

পাছত বাহনত উঠাই চিকিৎসালয় চৌহদৰ পৰা প্ৰস্থানৰ সময়ত আৰক্ষী কটকটীয়া বেহুৰ মাজত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি কয়,মোক বচাওক, মই একো কৰা নাই…’ নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ ৷

‘মই ষড়যন্ত্ৰৰ বলী হৈছো ৷ সুনীতা চাংকাকতিৰ স’তে মোৰ বনকৰা যুৱতী একাংশ আৰক্ষীৰে মিলি আছে ৷’ চি পিক সাক্ষাৎ কৰিব বিচৰাৰ কথাও প্ৰকাশ কৰে ধৃত সংগীতাই ৷

আনহাতে আৰক্ষী জিন্মাত থকা সংগীতা দত্তৰ স্বামী ডা:ৱালিউল ইছলামক আদালতত বুধবাৰে পুনৰ হাজিৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে,ভদ্ৰতাৰ মুখা পিন্ধি, হাইপ্রফাইল ব্যক্তিৰে ফটো তুলি অভিজাত্য জাহিৰ কৰি অহা মহানগৰীৰ ‘চেলিব্রেটি’ চিকিৎসক দম্পতীয়ে দুই শিশুৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ ঘটনাৰ তদন্ত যিমানেই আগবাঢ়ি গৈছে, দৈনিক পোহৰলৈ অহা ন ন তথ্যই সকলোকে হতচকিত কৰি তুলিছে।

সমাজক নৈতিকতাৰ পাঠ দি অহা ধৃত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু চিকিৎসক স্বামী ৱালিউল ইছলামে বৰ্তমানলৈ আৰক্ষীৰ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱা নাই যদিও দুই বনকৰা যুৱতী মহিলাই কিদৰে শিশুদ্বয়ৰ ওপৰত পাশবিক নির্যাতন চলোৱা হৈছিল সেই সমগ্ৰ ঘটনা তদন্তকাৰী আৰক্ষীৰ সন্মুখত বর্ণনা কৰিছে।

উল্লেখ্য যে পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিহাবাৰিস্থিত আৰ্য হাস্পতালৰ সমীপৰ ৰ’মা এনক্লেভত থকা চিকিৎসক দম্পতীৰ বাসগৃহত বিগত তিনি মাহৰ আগতে কামত যোগদান কৰিছিল ধৃত দুই বনকৰা যুৱতী মহিলাই। ইয়াৰে লক্ষী ৰয় নামৰ

মহিলাগৰাকীয়ে তিনি মাহৰ আগতে বনকৰা মহিলা হিচাপে যোগদান কৰিছিল আৰু মহিলাগৰাকীয়ে শিশুদ্বয়ক নির্যাতন চলোৱাৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সম্প্রতি মহিলাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মঙলবাৰে আৰক্ষীয়ে আনগৰাকী বনকৰা যুৱতী কাবাই(১৯)ক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু বহু ন ন তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কাবাই এগৰাকী নগা যুৱতী আৰু দুমাহৰ পূৰ্বে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলাৰূপে নিয়োজিত হৈছিল। এই কাৰাইৰ লগ লাগিয়েই ঘৰত ডাঃ সংগীতাই শিশুদ্বয়ৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।
মঙলবাৰে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বাসগৃহৰ পৰা চিচি টিভিৰ তথ্য সংগ্ৰহ কৰিছিল আৰু এই চিচি টিভি ফুটেজত শিশুদ্বয়ৰ ওপৰত চলোৱা অবর্ণনীয় দৃশ্য বন্দী হৈ আছে।

উল্লেখ্য যে চিকিৎসক দম্পতীয়ে নিজৰ যমজ সন্তান বুলি দাবী কৰি অহা শিশুদ্বয়ৰ ওপৰত চলাই অহা এই নিৰ্যাতনৰ ঘটনা যোৱা পাঁচ মে’ত পোহৰলৈ আহিছিল। চাৰে তিনিবছৰীয়া কন্যা শিশুটিক বাসগৃহৰ ছাদৰ ওপৰত প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত স্থানীয় লোক আৰু স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে প্ৰতিজন নাগককে হতচকিত কৰি তোলা ঘটনা পোহৰলৈ আহিছিল।

কন্যা শিশুটিৰ ওপৰত চলোৱা ঘটনাৰ ওপৰত ভিত্তি কৰি ল’ৰা শিশুটিকো আৰক্ষী উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত দুয়োটি শিশুক অকথ্য নির্যাতনৰ চলোৱাৰ লগতে যৌন নির্যাতন চলোৱাৰ ভয়ংকৰ দিশ পোহৰলৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পক্স’ আৰু শিশু ন্যায় আইনৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰি পৰ্যায়ক্রমে শিশুদ্বয়ে দেউতা বুলি সম্বোধন কৰা ডাঃ ইছলাম, বনকৰা মহিলা ৰয়, ‘মা’ বুলি সম্বোধন কৰা ডাঃ সংগীত আৰু কালি কাবাই নামৰ দ্বিতীয়গৰাকী বনকৰা যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে বনকৰা মহিলা ৰয়ক বাদ দি আন তিনি ধৃত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আৰু তিনিওকে উচ্চপদস্থ আৰক্ষী বিষয়া, অপৰাধ শাখাই মাৰাথন জেৰা অব্যাহত ৰাখিছে।

নগা বনকৰা যুৱতীৰে মিলি দুই শিশুক অকথ্য নির্যাতন চলাইছিল ডাঃ সংগীতাই ৰহাবাৰীস্থিত ৰ’মা এনক্লেভৰ ফ্লেটতে দুই শিশুক পাশবিক নির্যাতন চলাইছিল মাতৃৰূপিসংগীতাই। অৱশ্যে জেৰাত এই কথা ডাঃ সংগীতাই স্বীকাৰ কৰা নাই যদিও ধৃত বনকৰা যুৱতীয়ে আৰক্ষীৰ আগত এই স্বীকাৰোক্তি দিছে।

সামান্য কথাতে দুই শিশুক ডাঃ সংগীতাই দিছিল অবর্ণনীয় চৰম শাস্তি। আৰক্ষীৰ জেৰাত বনকৰা যুৱতীৰ স্বীকাৰোক্তি, শিশুদ্বয়ে দুষ্ট কৰিলেই মেডামে বহুত মাৰধৰ কৰে। মোক গৰম পানী কৰিবলৈ কয় আৰু মেডামে গাত ঢালি দিয়ে। ইস্ত্ৰি গৰম কৰিবলৈ কয় আৰু তাৰ পাছত গাত লগাই দিয়ে।

বিছনাত প্ৰস্ৰাৱ কৰিলে, গুপ্তস্থানত জলকীয়া লগাই দিয়ে।’ উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা চিচি টিভির ফুটেজতো বহু ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ শিশুদ্বয়ক যদি কিবা খাবলৈ দিয়া হয়। আৰু সেয়া নাখাই যদি শিশুদ্বয়ে উকালি দিয়ে, সেই বমিকে শিশুদ্বয়ক খাবলৈ বাধ্য কৰাইছিল ডাঃ সংগীতাই। যদি শিশুদ্বয়ে খাবলৈ অমান্তি হয়, উল্লিখিত ব্যৱস্থাৰে শাস্তি প্ৰদান কৰা হৈছিল বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে। দুই সন্তানক লৈ সন্তুষ্ট নাছিল নেকি অভিজাত দম্পতী।

ইফালে, ভুক্তভোগী শিশুদ্বয়ে তেওঁলোকক পিতৃ-মাতৃয়ে চলোৱা নিৰ্যাতনৰ সন্দৰ্ভত আৰক্ষীৰ সন্মুখত বৰ্ণনা কৰিছে। পিতৃ-মাতৃয়ে কিয় এনে কৰে বুলি শীৰ্ষ আৰক্ষীয়ে প্রশ্ন কৰোতে শিশুদ্বয়ে তেওঁলোকে দুষ্ট কাম কৰে বাবেই বান্ধি ৰাখে বুলিও স্বীকাৰ কৰিছে। সমান্তৰালভাৱে বনকৰা যুৱতীৰ ভাষা অনুসৰি, অভিজাত চিকিৎসক দম্পতীক সন্তানৰ প্ৰয়োজন আছিল যদিও শিশুদ্বয়ক লৈ তেওঁলোক সুখী নাছিল।

কি কাৰণত চিকিৎসক দম্পতীয়ে এনে ঘৃণনীয় কাৰ্য সংঘটিত কৰিলে। বৰ্তমানলৈ আৰক্ষীৰ তদন্তত স্পষ্টাক ধৃত চিকিৎসক দম্পতীয়ে মুখ খোলা নাই যদিও আৰক্ষীৰ সন্দেহ যে চিকিৎসক দম্পতীয়ে তেওঁলোকৰ আভিজাত্য নিজেই সামাজিক মাধ্যমত বিভিন্ন সময়ত জাহিৰ কৰি আহিছে। এটা অভিজাত পৰিয়ালে নিজৰ সন্তান যিদৰে হোৱাটো বিচাৰে, হয়তো দুই সন্তানক তেনেদৰে পোৱা নাছিল।

ফলত দুয়োৰে ওপৰত এইদৰে নির্যাতন চলোৱা হৈছিল। অৱশ্যে এই দিশ এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষী সূত্ৰই সদৰী কৰে। উল্লেখ্য যে নিজৰ আইভিএফ নষ্ট হোৱাৰ পাছত এক বিশেষ মহিলাৰ পৰা এই দুই সন্তানক লৈ আনিছিল বুলি জেৰাত সংগীতাই স্বীকাৰ কৰিছে। এই দুই সন্তান কাৰ আৰু ক’ৰ পৰা আনিছিল তথা প্ৰকৃত পিতৃ-মাতৃ কোন এই কথাও নাজানে বুলি স্বীকাৰ কৰিছিল।

ফলত শিশুদ্বয় ডাঙৰ হৈ অহাৰ লগে লগে যিদৰে বিচাৰিছিল, সেইদৰে নোহোৱাৰ বাবেও এনে ঘটনা সংঘটিত হোৱাৰ অৱকাশ আছে। অন্যথা কি এনে কাৰণ থাকিব পাৰে যে শিশুদ্বয়ক এনে অবর্ণনীয় নির্যাতন চলাব পাৰে? আৰক্ষীৰ তদন্ততহে এই সমগ্র ঘটনা পোহৰলৈ আহিব।

আনহাতে, শিশুদ্বয়ক পাশৱিক নির্যাতন চলোৱাৰ সময়ত ব্যৱহৃত বহু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। বনকৰা যুৱতীৰ স্বীকাৰোক্তি ভিত্তিত আৰক্ষীয়ে কে’বাবাৰো বাসগৃহত অভিযান চলাই সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version