Apw Case File:সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ৰজু দুটাকৈ গোচৰ

আছাম পাব্লিক ৱকচৰ সভাপতি অভিজিত শৰ্মাই তৰিলে গোচৰ, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ জীৱনীমূলক গ্ৰন্থ 'JUSTICE FOR THE JUDGE' নিষিদ্ধৰ বাবেও গোচৰ শৰ্মাৰ

Apw

Apw Case File:

অসম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউ নামৰ বেচৰকাৰী সন্থাটোৰ সভাপতি অভিজিৎ শৰ্মাই সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে তৰিছে দুটাকৈ গোচৰ ।

এ পি ডব্লিউৰ সভাপতি শৰ্মাই মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে এক কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰাৰ লগতে ন্যায়াধীশ গৰাকীৰ বহু চৰ্চিত জীৱনীমূলক গ্ৰন্থ ‘JUSTICE FOR THE JUDGE’ নিষিদ্ধ কৰিবলৈও আন এটা গোচৰ দিয়ে।

এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতত ২৬১/২০২৩আৰু ৪৪৭/২০২৩ নম্বৰত দুয়োটা গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে,অভিজিৎ শৰ্মাই উল্লেখ কৰা মতে ৰঞ্জন গগৈৰ গ্ৰন্থখনত বহু আপত্তিজনক তথ্য সন্নিবিষ্ট৷যাৰবাবে গ্ৰন্থখন নিষিদ্ধকৰণৰ দাবী কৰে ৷

Exit mobile version