Dr. Sangita Dutta Dna Test:অৱশেষত ডি এন এ টেষ্টৰ বাবে জি এম চি এইছত সংগীতা দত্ত

তেজৰ নমুনা সংগ্ৰহ কৰিলে চিকিৎসকে, কাইলৈ পুনৰ আদালতত হাজিৰ কৰিব সংগীতাক

sd

Dr. Sangita Dutta Dna Test:

অৱশেষত ডি এন এ টেষ্টৰ বাবে জি এম চি এইছত ডা:সংগীতা দত্তক আজি পানবজাৰ মহিলা আৰক্ষীয়ে পুনৰ হাজিৰ কৰে ৷ ফৰেনছিক লেবলৈ লৈ যোৱাৰ পাছতে ড০ সংগীতাৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰে চিকিৎসকে। বুধবাৰেও ডি এন এ টেষ্টৰ বাবে জি এম চি এইছলৈ লৈ যোৱা হৈছিল যদিও স্বাস্থ্যৰ অসুস্থতাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰিব নোৱাৰিলে চিকিৎসকে।

উল্লেখ্য যে তোলনীয়া কণমানি শিশুক পাশৱিক নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক সংগীতা দত্তক বুধবাৰে জি এম চি এইচলৈ আৰক্ষীয়ে অনাৰ সময়ত মঞ্চস্থ কৰে এখন কৌশলী নাটক ৷
তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ ভয় বেজীলৈ ৷

দুপৰীয়া ভাগত ডি এন এৰ তেজৰ নমুনা ল’বৰ বাবে ডা:সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী নিৱেশৰ লকাপৰ পৰা অনা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ কিন্ত ডা:সংগীতাই বেজিলৈ ভয় লাগে বুলি কৈ তেজৰ নমুনা দিয়াৰ পৰা বিৰত থাকি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

পাছত বাহনত উঠাই চিকিৎসালয় চৌহদৰ পৰা প্ৰস্থানৰ সময়ত আৰক্ষী কটকটীয়া বেহুৰ মাজত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি কয়,মোক বচাওক, মই একো কৰা নাই…’ নিজকে নির্দোষী সজোৱাৰ চেষ্টা সংগীতাৰ ৷
‘মই ষড়যন্ত্ৰৰ বলী হৈছো৷ সুনীতা চাংকাকতিৰ স’তে মোৰ বনকৰা যুৱতী একাংশ আৰক্ষীৰে মিলি আছে ৷’ চি পিক সাক্ষাৎ কৰিব বিচৰাৰ কথাও প্ৰকাশ কৰে ধৃত সংগীতাই ৷

আনহাতে,শুক্ৰবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰিব ডা:সংগীতা দত্তক ৷ উল্লেখ্য যে,ভদ্ৰতাৰ মুখা পিন্ধি, হাইপ্রফাইল ব্যক্তিৰে ফটো তুলি অভিজাত্য জাহিৰ কৰি অহা মহানগৰীৰ ‘চেলিব্রেটি’ চিকিৎসক দম্পতীয়ে দুই শিশুৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ ঘটনাৰ তদন্ত যিমানেই আগবাঢ়ি গৈছে, দৈনিক পোহৰলৈ অহা ন ন তথ্যই সকলোকে হতচকিত কৰি তুলিছে।

সমাজক নৈতিকতাৰ পাঠ দি অহা ধৃত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু চিকিৎসক স্বামী ৱালিউল ইছলামে বৰ্তমানলৈ আৰক্ষীৰ তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱা নাই যদিও দুই বনকৰা যুৱতী মহিলাই কিদৰে শিশুদ্বয়ৰ ওপৰত পাশবিক নির্যাতন চলোৱা হৈছিল সেই সমগ্ৰ ঘটনা তদন্তকাৰী আৰক্ষীৰ সন্মুখত বর্ণনা কৰিছে।

উল্লেখ্যযোগ্য পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিহাবাৰিস্থিত আৰ্য হাস্পতালৰ সমীপৰ ৰ’মা এনক্লেভত থকা চিকিৎসক দম্পতীৰ বাসগৃহত বিগত তিনি মাহৰ আগতে কামত যোগদান কৰিছিল ধৃত দুই বনকৰা যুৱতী মহিলাই। ইয়াৰে লক্ষী ৰয় নামৰ

মহিলাগৰাকীয়ে তিনি মাহৰ আগতে বনকৰা মহিলা হিচাপে যোগদান কৰিছিল আৰু মহিলাগৰাকীয়ে শিশুদ্বয়ক নির্যাতন চলোৱাৰ কথা মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। সম্প্রতি মহিলাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰুমঙলবাৰে আৰক্ষীয়ে আনগৰাকী বনকৰা যুৱতী কাবাই(১৯)ক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু বহু ন ন তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কাবাই এগৰাকী নগা যুৱতী আৰু দুমাহৰ পূৰ্বে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলাৰূপে নিয়োজিত হৈছিল। এই কাৰাইৰ লগ লাগিয়েই ঘৰত ডাঃ সংগীতাই শিশুদ্বয়ৰ ওপৰত অকথ্য নির্যাতন চলাইছিল।
মঙলবাৰে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বাসগৃহৰ পৰা চিচি টিভিৰ তথ্য সংগ্ৰহ কৰিছিল আৰু এই চিচি টিভি ফুটেজত শিশুদ্বয়ৰ ওপৰত চলোৱা অবর্ণনীয় দৃশ্য বন্দী হৈ আছে।

উল্লেখ্য যে চিকিৎসক দম্পতীয়ে নিজৰ যমজ সন্তান বুলি দাবী কৰি অহা শিশুদ্বয়ৰ ওপৰত চলাই অহা এই নিৰ্যাতনৰ ঘটনা যোৱা পাঁচ মে’ত পোহৰলৈ আহিছিল। চাৰে তিনিবছৰীয়া কন্যা শিশুটিক বাসগৃহৰ ছাদৰ ওপৰত প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত স্থানীয় লোক আৰু স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছতে প্ৰতিজন নাগরিককে হতচকিত কৰি তোলা ঘটনা পোহৰলৈ আহিছিল।

কন্যা শিশুটিৰ ওপৰত চলোৱা ঘটনাৰ ওপৰত ভিত্তি কৰি ল’ৰা শিশুটিকো আৰক্ষী উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত দুয়োটি শিশুক অকথ্য নির্যাতনৰ চলোৱাৰ লগতে যৌন নির্যাতন চলোৱাৰ ভয়ংকৰ দিশ পোহৰলৈ আহিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পক্স’ আৰু শিশু ন্যায় আইনৰ অধীনত দুটাকৈ গোচৰ ৰুজু কৰি পৰ্যায়ক্রমে শিশুদ্বয়ে দেউতা বুলি সম্বোধন কৰা ডাঃ ইছলাম, বনকৰা মহিলা ৰয়, ‘মা’ বুলি সম্বোধন কৰা ডাঃ সংগীত আৰু কালি কাবাই নামৰ দ্বিতীয়গৰাকী বনকৰা যুৱতীক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰে বনকৰা মহিলা ৰয়ক বাদ দি আন তিনি ধৃত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে আৰু তিনিওকে উচ্চপদস্থ আৰক্ষী বিষয়া, অপৰাধ শাখাই মাৰাথন জেৰা অব্যাহত ৰাখিছে।

Exit mobile version