Dupdhara Incident:গোৱালপাৰাৰ ধূপধৰাৰ মাৰিয়ামপুৰত হাহাকাৰ

চালানী মাছ খাই অসুস্থ দুই শতাধিক লোক,চিকিৎসাধীন হৈ আছে কেইবাখনো চিকিৎসালয়ত

dhupdhora

Dupdhara Incident:

গোৱালপাৰাৰ ধূপধৰাত মাৰিয়ামপুৰত অঘটন ৷ চালানী মাছ খাই প্ৰায় দুই শতাধিক লোক অসুস্থ। গোৱালপাৰাৰ কেইবাখনো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসুস্থ লোকসকল ৷

উল্লেখ্য যে, মাৰিয়ামপুৰত এঘৰ গৃহস্থৰ বাসগৃহত আদ্যশ্ৰাদ্ধৰ ভোজভাতৰ আয়োজন কৰা হৈছিল। এই ভোজ খোৱাৰ পাছৰে পৰা অঞ্চলটোৰ পুৰুষ- মহিলা,বৃদ্ধা আৰু শিশুকে ধৰি দুই শতাধিক লোক অসুস্থ হৈ পৰে ৷ সন্দেহ কৰা মতে, ভোজভাতত চালানী মাছ খাইয়ে অসুস্থ হৈছে লোকসকলে।

মনকৰিবলগীয়া যে,আদ্যশ্ৰাদ্ধত যিসকলে নিৰামিষ খাইছে তেওঁলোকৰ কোনো অসুখ হোৱা নাই ৷ ইতিমধ্যে অসুস্থ হৈ পৰা লোকসকলক নিশাই গোৱালপাৰা ,দুধনৈ,ৰংজুলি , বকো আৰু ধূপধৰা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

স্মতৰ্ৱ্য যে,উল্লেখ্য যে,নগাঁও মহাবিদ্যালৰ প্ৰাণী বিজ্ঞান বিভাগৰ এক গৱেষণাত চালানী মাছত ফমেৰ্লিনৰ উপস্থিতি ধৰা পেলাই ৷ তাৰ পাছতে ৰাজ্য সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ ফমেৰ্লিনযুক্ত মাছৰ আমদানি ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব লাগিছিল যদিও চৰকাৰ নিমাত ৷  তামিলনাডু সহ আন আন দক্ষিণৰ ৰাজ্যৰ চৰকাৰে ক্লিন শ্বিট দিয়াত পুনৰ ৰাজ্যৰ মাছৰ বজাৰত ভৰি পৰিছে চালানী মাছ ৷

আনহাতে ধূপধৰাত যোৱা নিশা সংঘটিত অঘটনৰ পাছতে ধূপধৰা আৰক্ষীয়ে তলৱ কৰিছে ধূপধৰাৰ মাছ ব্যৱসায়িক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। আনকি মাছৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গুৱাহাটীস্থ ফৰেনছিক লেবটৰীলৈ ৷

ইপিনে,বেনছেং মাৰাক নামৰ ব্যক্তিজনে চাহাব আলী নামৰ মাছ ব্যৱসায়ীজনৰ বিৰুদ্ধে ধূপধৰা থানাত এজাহাৰ দাখিল কৰিছে ৷

Exit mobile version