Basistha Accident:মহানগৰীৰ বশিষ্ঠ চাৰিআলিত অঘটন !

ৰাজপথত বাগৰিল উৰণীয়া সেঁতুৰ কামত ব্যৱহৃত ক্ৰেন বাগৰি পৰিল ৰাজপথত , এগৰাকী যুৱতী সহ আহত দুজন

CRANE

Basistha Accident:

মহানগৰীৰ সদাব্যস্ত বশিষ্ঠ চাৰিআলিত বৃহস্পতিবাৰে দুপৰীয়া অঘটন । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুত ব্যৱহৃত ক্ৰেন হঠাতে বাগৰি পৰিল ৰাজপথত ৷ দুৰ্ঘটনা সংঘটিত হয় জালুকবাৰী অভিমুখী পথত ।

উল্লেখ্য যে, উৰণীয়া সেঁতুত ব্যৱহাৰৰ বাবে ক্ৰেন খনে ৰড তুলি থকাৰ অৱস্থাত বাগৰি পৰিল ৷ ভয়ংকৰ ঘটনাটোত এজন স্কুটী আৰোহী সহ এগৰাকী যুৱতীসহ আহত হয় ৷

স্মতৰ্ৱ্য যে,ক্ৰেন খন বাগৰি পৰোতেই যুৱতী গৰাকীয়ে কাষৰ নলা এটিত জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ এই ঘটনা সংঘটিতৰ পাছতে বশিষ্ট চাৰিআলিৰ পৰা নমাইল পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ যান-বাহন আৰক্ষীয়ে পথছোৱা মুকলি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version