CBSE Class 12 Result Declared :CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা,উত্তীৰ্ণৰ হাৰ ৮৭.৩৩ শতাংশ

উত্তীৰ্ণৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক ত্রিবান্দ্ৰম ৯৯.৯১ শতাংশ

cbsc RESULTS

CBSE Class 12 Result Declared :

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চমুকৈ চি বিএছ ই -এ আজি চলিত বৰ্ষৰ বাবে  অনুষ্ঠিত হোৱা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। প্ৰায় ১৬.৯ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষা আৰম্ভ হৈছিল ১৫ ফেব্ৰুৱাৰীৰ পৰা ৫ এপ্ৰিললৈ ৷

পৰীক্ষাৰ্থীৰ ভিতৰত ৯.৫১ লাখ ছাত্ৰ আৰু ৭.৪ লাখ ছাত্ৰীৰ বিপৰীতে পাঁচজন আন শ্ৰেণীৰ পৰীক্ষাৰ্থী আছিল ৷ পৰীক্ষাৰ ফলাফল CBSEৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ কৰা হৈছে।

শিক্ষার্থীয়ে চাব পাৰিব cbseresults.nic.inত ৷ একেদৰে আন দুটা ৱেবছাইট https://results.digitallocker.gov.in আৰু https://cbse.gov.in তো চাব পাৰিব ৷

উল্লেখ্য যে,২০২২ বৰ্ষ ৰ CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৯২.৭১ শতাংশ ৷কিন্ত চলিত বৰ্ষত এইবাৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পালে ৫.৩৮ শতাংশলৈ ৷

Exit mobile version