Fish Poisoning In Dhupdhara:ধূপধৰাত খাদ্যৰ বিষক্ৰিয়া হৈ মৃত্যু এগৰাকী মহিলাৰ

মৃত মহিলাগৰাকীৰ নাম ৰেণুৱালা চাংমা, গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল মহিলাগৰাকী

dhupfhara 1

Fish Poisoning In Dhupdhara:

গোৱালপাৰাৰ ধূপধৰাত মাৰিয়ামপুৰত চালানী মাছ খাই প্ৰায় দুই শতাধিক লোক অসুস্থ হৈ গোৱালপাৰাৰ কেইবাখনো চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মাজতে আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় এগৰাকী মহিলাৰ ৷ মৃত মহিলা গৰাকীৰ নাম ৰেণুৱালা চাংমা। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি আছিল মহিলাগৰাকী ৷

উল্লেখ্য যে, মাৰিয়ামপুৰত এঘৰ লোকৰ বাসগৃহত বুধবাৰে আয়োজন কৰা হৈছিল আদ্যশ্ৰাদ্ধৰ ৷ এই আদ্যশ্ৰাদ্ধৰ ভোজভাত খোৱাৰ পাছৰে পৰা অঞ্চলটোৰ পুৰুষ- মহিলা,বৃদ্ধা আৰু শিশুকে ধৰি দুই শতাধিক লোক অসুস্থ হৈ পৰিছিল ৷

সন্দেহ কৰা মতে, ভোজভাতত চালানী মাছ খাইয়ে অসুস্থ হৈছিল লোকসকলে। অসুস্থ হৈ পৰা লোকসকলক নিশাই গোৱালপাৰা ,দুধনৈ,ৰংজুলি , বকো আৰু ধূপধৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ আনহাতে, যিসকল লোকে মাছ খোৱা নাছিল, সেইসকল লোক অসুস্থ হোৱা নাছিল ।

উল্লেখ্য যে, গোৱালপাৰাৰ ধূপধৰাৰ মৰিয়ামপুৰত খাদ্যৰ বিষক্ৰিয়া হৈ ২০০ ৰো অধিক লোক অসুস্থ হৈছিল। গাওঁখনত এগৰাকী বৃদ্ধাৰ মৃত্যুত পৰিয়ালে ভোজভাতৰ আয়োজন কৰিছিল ।

এই ভোজভাত খাই গাওঁখনৰ একাংশ শিশু, পুৰুষ, মহিলা, বৃদ্ধ সকলো অসুস্থ হৈ পৰিল । ভোজভাতত চালানী মাছ খাই লোকসকল অসুস্থ হৈছিল । আনহাতে, যিসকল লোকে মাছ খোৱা নাছিল, সেইসকল লোক অসুস্থ হোৱা নাছিল।

স্মতৰ্ৱ্য যে,ৰাজ্যত বহি:ৰাজ্যৰ পৰা ফৰ্মেলিনযুক্ত মাছৰ আমদানিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আংশিক নিষেধাজ্ঞা জাৰি কৰিছিল যদিও তামিলনাডু সহ আন আন দক্ষিণৰ ৰাজ্য খনৰ চৰকাৰে ক্লিনশ্বিট দিয়াত পুনৰ ৰাজ্যৰ মাছৰ বজাৰত ভৰি পৰিছে চালানী মাছ ৷

আনহাতে ধূপধৰাত বুধবাৰে নিশা সংঘটিত অঘটনৰ পাছতে ধূপধৰা আৰক্ষীয়ে তলৱ কৰিছে ধূপধৰাৰ মাছ ব্যৱসায়িক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । আনকি মাছৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গুৱাহাটীস্থ ফৰেনছিক লেবটৰীলৈ ৷

ঘটনা সন্দৰ্ভত মাছ যোগান ধৰা মাছ ব্যৱসায়ীক ধূপধৰা আৰক্ষীয়ে সোধ–পোছ কৰিছে । আৰক্ষীৰ তদন্ততহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Exit mobile version