Leopard Attack In Fatasil Ambari: মহানগৰীৰ ফটাশিল আমবাৰীত নাহৰফুটুকীৰ আক্ৰমণ

নাহৰফুটুকীৰ আক্ৰমণত আঘাত প্ৰাপ্ত দুজন লোক, আক্ৰমণৰ পৰা সাৰি নগ'ল পোহনীয়া কুকুৰো

leopard Attack 1

Leopard Attack In Fatasil Ambari:

ক্ৰমাৎ যেন নাহৰফুটুকীৰ বিচৰণস্থলীত পৰিণত হৈছে মহানগৰীৰ কেতবোৰ অঞ্চল ৷ নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে  বহু আবাসী ৷ শুক্ৰবাৰে পুৱাতে ফটাশিল- আমবাৰীৰ জি.এছ কলনীত এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে সৃষ্টি কৰে সন্ত্ৰাস ৷ নাহৰফুটুকীটোৱে আক্ৰমণ কৰে দুজনকৈ লোকক ৷ সাৰি নগ’ল পোহনীয়া কুকুৰো ৷

নাহৰফুটুকীটোৰ আক্ৰমণত সুমন কুমাৰ সিং আৰু মুনাইৰ দেৱী নামৰ মহিলা গৰাকী আহত হয় ৷ দুয়োকে ততাতৈয়াকৈ গুৱাহাটী মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে শেহতীয়াকৈ ভৰ্তি কৰা হয় জি এম চি এইছত

উল্লেখ্য যে,নাহৰফুটুকীটোৱে ভক্ষণ কৰে এটি পোহনীয়া কুকুৰ ৷ এটা বাসগৃহৰ বাহিৰত বান্ধি থোৱা কুকুৰটোক আক্ৰমণ কৰি ভক্ষণ কৰে বাঘটোৱে ৷ এই দৃশ্য বন্দী হয় চি চি টি ভি কেমেৰাত ৷

নাহৰফুটুকীটোৰ সন্ত্ৰাসত অঞ্চলটোৰ লোকসকল ত্ৰস্তমান হৈছে আৰু বিৰাজ কৰিছে তীব্ৰ আতংকৰ । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিতি হৈ পৰিস্থিতিৰ বুজ লয় ৷

উল্লেখ্য যে,বহুদিন ধৰি ফটাশিল – আমবাৰী অঞ্চলত নিশা হ’লে বিচৰণ কৰে নাহৰফুটুকীয়ে ৷ শেহতীয়াকৈ দিনতে নাহৰফুটুকীৰ উপস্থিতিয়ে  ৰাইজক অধিক আতংকিত কৰি তুলিছে  ৷

Exit mobile version