N F Railway:দিল্লীৰ বঞ্চনাত অসমত কেবাখনো গুৰুত্বপূৰ্ণ ৰেলৰ চলাচল বন্ধ , ক’ভিডৰ অচিলাৰে স্তব্ধ জনপ্ৰিয় ৰেলৰ যাত্ৰা মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ ক্ষোভিত যাত্ৰীৰ

দীৰ্ঘদিনীয়া ষড়যন্ত্ৰৰ পৰিণতি, ৰাইজৰ অধিকাৰ ৰক্ষাত নির্বাক অসমৰ সাংসদ

N F railway

N F Railway:

উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ আখ্যা দিয়া, অঞ্চলটোক দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ যোগাযোগ ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰ কৰি তোলা আদি শ্ল’গানবোৰ সম্প্রতি অর্থহীন হৈছে। বৃহত্তৰ অঞ্চলটোৰ দুৱাৰমুখ অসমৰ ক্ষেত্ৰত ভাৰতীয় ৰেল বিভাগে প্ৰদৰ্শন কৰা অৱজ্ঞাৰ আচৰণ অতি সম্প্ৰতি ৰাজ্যখনৰ বাবে দুৰ্ভাগ্যৰ বিষয় হৈ পৰিছে।

কোনো কাৰণ অবিহনে ভাৰতীয় ৰেল বিভাগ তথা উত্তৰ-পূব সীমান্ত ৰেলৱেই যোৱা আঢ়ৈ বছৰৰ পৰা বন্ধ কৰি ৰাখিছে কেবাখনো যাত্রীবাহী ৰেলৰ চলাচল। তেনে ৰেলবোৰৰ চলাচল বন্ধন এক ষড়যন্ত্র পূর্বৰে পৰাই চলি অহাৰ অভিযোগ আছে। ক ভিড এই ক্ষেত্ৰত যেন বিভাগটোৰ বাবে আশীৰ্বাদ হৈ আহে। ক’ভিডৰ অচিলাৰে অসমত চলাচল কৰা কেবাখনো যাত্রীবাহী ৰেলৰ চলাচল সাময়িকভাবে বন্ধ ৰখা হয়।

সেই যি বন্ধ কৰা হৈছিল তাৰ পাছত আৰু আজিলৈকে ৰেলকেইখনৰ চকা আৰু নুখুৰিল। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰত প্ৰকাশ যে চলাচল বন্ধ ৰখা প্রায় সাতখন ৰেলৰ চকা ঘুৰাৰ সম্ভাৱনা নাই।

তথ্য অনুসৰি, ক’ভিডৰ তলাবন্ধৰ পৰা বন্ধ হৈ পৰা গুৰুত্বপূৰ্ণ কেইখনমান ৰেল হ’ল- ৫৫৮১৮ নম্বৰ গুৱাহাটী- ৰঙিয়া-নিউ বঙাইগাঁও যাত্রীবাহী, ১৫৭৭১ নম্বৰ আলিপুৰ দুৱাৰ ৰঙিয়া-গুৱাহাটী ইন্টাৰ চিটি এক্সপ্ৰেছ ৫৫৯০৩ নম্বৰৰ ডিমাপুৰ- মৰিয়ণী
যাত্রীবাহী, ১২০৮৬ নম্বৰ ডিব্ৰুগড়- গুৱাহাটী শতাব্দী, ১২৫২৫ নম্বৰ ডিব্ৰুগড়-কলকাতা ছুপাৰফাষ্ট, ০৫৮১৯/২০ নম্বৰ ডিব্ৰুগড়- ডেকাৰগাঁও ইণ্টাৰচিটি আৰু ৫৫৬০১ নম্বৰ গুৱাহাটী-লামডিং যাত্রীবাহী। ইয়াৰে ১২৫২৫ নম্বৰ ছুপাৰফাষ্ট ৰেলখন ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ কলকাতালৈ চলাচল কৰোৱাৰ ঘোষণাও ৰেল বিভাগ কৰিছিল।

সেই ঘোষণা ঘোষণাতে সীমাবদ্ধ থাকিল। আজিকোপতি ঘোষণাই কার্যকৰী ৰূপ নাপালে। অথচ এই প্ৰতিখন ৰেল সুচাৰুৰূপে চলি আছিল। তাৰ পাছতো দিল্লীৰ নিৰ্দেশত ৰেলকেইখন চলোৱাৰ তৎপৰতা উত্তৰ-পূব সীমান্ত ৰেলৱে অব্যাহত ৰাখে; কিন্তু ৰাইজৰ প্ৰতিক্ৰিয়া বেছি হোৱাৰ আশংকাত সাহস কৰিব পৰা নাছিল।

তেতিয়াই কাকতালীয়ভাৱে ক’ভিডৰ তলাবন্ধ বিভাগটোৰ বাবে আশীৰ্বাদ হৈ আহে। কভিডৰ পৰিৱেশ কেতিয়াবাই আঁতৰিল যদিও ৰেলকেইখনৰ চলাচলহে আৰম্ভ নহ’ল আৰু পুনৰ চলাচলৰ কোনো পৰিকল্পনাও বিভাগটোৰ ওচৰত নাই। অথচ এই আটাইকেইখন ৰেল অসমৰ বৃহৎ অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থাৰ জীৱনৰেখা হৈ উঠিছিল।

এই প্ৰসংগতে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ সূত্ৰই সদৰী কৰা অনুসৰি, যাত্ৰীৰ দিশটোক গুৰুত্বহীন কৰি কেৱল মালবাহী ৰেলৰ চলাচলত অগ্ৰাধিকাৰ দিয়াৰ এক সিদ্ধান্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিভাগে গ্রহণ কৰিছে।

সেয়েহে জীৱনৰেখা হৈ পৰা ৰেল বন্ধ কৰিও অসমলৈ সামগ্ৰীবাহী ৰেলৰ চলাচল বিভাগে বৃদ্ধি কৰিছে। তাৰ বাবে আনকি অতি বেছি গুৰুত্বপূৰ্ণ যাত্ৰীবাহী ৰেলৰ চলাচলো নিয়ন্ত্ৰণ কৰাত বিভাগটোৱে আপোচ কৰা নাই। এই একেটা অভিযোগ উত্থাপন কৰিছে অসম ৰেল যাত্ৰী সন্থাই।

সংগঠনটোৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই মন্তব্য কৰে যে অসমক উপেক্ষাৰ মাত্ৰা ইমানেই বাঢ়িছে যে গুৱাহাটীৰ পৰা কলকাতালৈ যোৱা ৰেলৰ সংখ্যাও এতিয়া এখনহে। সেইখন হ’ল শৰাইঘাট এক্সপ্ৰেছ। ৰেলখন গোৱালপাৰা হৈ চলাচল কৰে। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যাত্ৰীৰ বাবে ৰেলখনত যাতায়াত কৰাটো সহজ হৈ থকা নাই। ৰঙিয়া হৈ এখন ৰেল কিয় চলাব নোৱাৰে বুলি এই প্ৰসংগতে সাধাৰণ সম্পাদকজনে প্ৰশ্ন কৰে।

তদুপৰি ৰেলখনৰ প্ৰসংগৰে শৰ্মাই কয়, ‘অসমত বন্ধ কৰি ৰখা ৰেলবোৰ চলাবলৈ দিল্লীত আমাৰ সাংসদে মাত নামাতে। শৰাইঘাট এক্সপ্ৰেছৰ অসমত সীমিত ষ্টপেজ আছে। অথচ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ সাংসদে দিল্লীত মাত মাতি একেখন ৰেলৰে ষ্টপেজ নিজৰ ৰাজ্যত বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত কম দূৰত্বৰ মাজতো ৰেলখনৰ ষ্টপেজ বাঢ়িছে। দিল্লীৰ ষড়যন্ত্ৰত অসমৰ ঘৰৰ মানুহো জড়িত আছে নেকি?

গুৱাহাটীৰ পৰা কলকাতালৈ এখন ৰেল চলাৰ বিপৰীতে নিউ জলপাইগুৰিৰ পৰা চলা ৰেলৰ সংখ্যা হ’ল আঠখন। সাধাৰণ সম্পাদকজনে লগতে কয় যে অলপতে তেওঁলোকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰি বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীক সন্থাই কয় যে ৰেলৰ চলাচল নকৰিলে অসম উন্নত ৰাজ্যৰ শাৰীত উপনীত হোৱাটোও সম্ভৱ নহয়।

Exit mobile version