Congress’s Royal Victory In Karnataka:কৰ্ণাটকত বিধ্বস্ত বিজেপি

বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ, মোদী মেজিকে কাম নিদিলে কৰ্ণাটকত, কোন হ'ব মুখ্যমন্ত্ৰী ! চৰ্চাত চিদ্দাৰামায়া আৰু শিৱ কুমাৰ, দেওবাৰে বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান প্ৰদেশ কংগ্ৰেছৰ

karnataka result 2

Congress’s Royal Victory In Karnataka :

সকলো পূৰ্বানুমান সত্য প্ৰমাণিত কৰি প্ৰত্যাশিতভাৱে কৰ্ণাটকত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনত দিশত অগ্ৰসৰ হ’ল কংগ্ৰেছ ৷ মেজিক নাম্বাৰ ১১৩ অতিক্ৰম কৰি দলটোৱে বিয়লী চাৰি বজালৈকে অগ্ৰগতি লাভ কৰিছে অভিলেখ সংখ্যক ১৩৬ খন আসন ৷

ইয়াৰ বিপৰীতে নিৰ্বাচনত বিধ্বস্ত হোৱা বিজেপিয়ে লাভ কৰিছে ৬৪ খন ৷ আনহাতে নিৰ্বাচনৰ পূৰ্বৰ পৰা কিং মেকাৰ হোৱা সপোন দেখা জে ডি এছে ২০ আৰু অন্যান্যই চাৰি খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

কণকাপুৰ সমষ্টিৰ পৰা বৃহৎ ভোটত জয়লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ৷ ইয়াৰ লগে লগে উচাহৰ বন্যা বৈছে কংগ্ৰেছৰ মাজত। ৰাজধানী বেংগালুৰুস্থ প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছ নেতা-কৰ্মী সকলে ইজনে সিজনক আবিৰ সানি, ফটকা ফুটাই আনন্দ উছাহৰ লগতে মিঠাই বিতৰণ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সমীক্ষাত জেডিএচে যি ফলাফল দেখুৱাব পাৰিব বুলি প্ৰকাশ পাইছিল তাৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে।

উল্লেখ্য যে, এই নিৰ্বাচনৰ মুঠ আসনৰ সংখ্যা ২২৪ খন । য’ত ৰাজ্যখনৰ ৭৩.১৯ শতাংশ নাগৰিকে ভোটদান কৰিছে। আনহাতে এই পৰিসংখ্যা ৰাজ্য খনৰ নিৰ্বাচনৰ ইতিহাসত সৰ্ব্বোচ্চ । এই ভোট গনণাত কংগ্ৰেছে বৰ্তমানলৈ ৪৩ শতাংশ ভোট লাভ কৰিছে ।

ইতিমধ্যে আজি বিয়লী প্ৰদেশ কংগ্ৰেছে দেওবাৰে পুৱা বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক আহ্বান কৰিছে।
নতুন দিল্লীতো কংগ্ৰেছৰ সদৰ কাৰ্যালয়ত কৰ্ণাটকত দলটোৰ বিজয় সাব্যস্ত কৰাত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ আতছবাজী আৰু আবিৰ সানি আনন্দ উছাহত মতলীয়া হৈ পৰে কংগ্ৰেছ নেতা – কৰ্মী সকল ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত দলটোৱে ৰাজকীয় বিজয় সাব্যস্ত কৰা সন্দৰ্ভত কয়, কৰ্ণাটকবাসীয়ে ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটালে ৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয়,এই নিৰ্বাচন বিজেপিৰ বাবে অশুনি সংকেত ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই চিৰদিনলৈ বিদায় দিব বিজেপিক ৷ কৰ্ণাটকৰ নিৰ্বাচনত মোদীৰ মেজিকে কাম নিদিলে ৷

আনহাতে,কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে নিৰ্বাচনৰ পৰাজয় স্বীকাৰ কৰি কয় যে আমি আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলো। সম্পূৰ্ণ ফলাফলৰ অন্তত এই সম্পৰ্কত আমি মন্থন কৰিম ৷ এইয়া আমাৰ বাবে এটা শিকনি ৷ পৰৱৰ্তী সময়ত দলটোৱে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে বোম্মায়ে ৷

কংগ্ৰেছৰ বিপুল বিজয়ত উছাহি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল,ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলট,কৰ্ণাটক কংগ্ৰেছৰ শীৰ্ষ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে দলটোৰ সপক্ষে ৰায়দান দিয়া কৰ্ণাটকবাসী ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৷

কংগ্ৰেছ নেতা কেইজনে  বিজেপিৰ শোচনীয় পৰাজয়ৰ বাবে  তীব্ৰ সমালোচনা কৰি কয়,জনতাৰ বিৰুদ্ধে অৱস্থান কৰিলে শেষ ফলাফল এনেকুৱা হয় বুলি মন্তব্য কৰে ৷

মনকৰিবলগীয়া যে নিৰ্বাচনৰ ফলাফলত দলটোৰ ৰাজকীয় বিজয়ত সন্তুষ্টি প্ৰকাশ কৰি কৰ্ণাটক কংগ্ৰেছৰ অধ্যক্ষ ডি কে শিৱকুমাৰে আবেগিক হৈ পৰে। ডি কে এছৰ চকুত চকুলো নামি আহে আৰু তেওঁ ২০২০ত ছোনিয়া গান্ধীৰ সৈতে কাৰাগাৰত সাক্ষাতৰ অনুভৱক বিষয়ে উল্লেখ কৰে। তেওঁ মল্লিকাৰ্জুন খাৰ্গে আৰু সিদ্দাৰামায়া সহ তেওঁক সমৰ্থন কৰা সকলো নেতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

আনহাতে কংগ্ৰেছৰ বিপুল বিজয়ৰ পাচতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ ব্যাপক চৰ্চা লাভ কৰিছে। চৰ্চাত প্ৰদেশ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা চিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰৰ নাম উচ্চাৰণ হৈছে যদিও দেওবাৰে পুৱা বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকে নিৰ্বাচিত কৰিব দলৰ নেতা ৷ অৱশ্যে এই ক্ষেত্ৰত কংগ্ৰেছ হাইকামাণ্ডে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী নামত মোহৰ মাৰিব ৷

Exit mobile version