হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰত বিজেপিৰে মিত্ৰতা পাশত আৱদ্ধ হৈ শাসন চলাই থকা নিতীশ কুমাৰে শেহতীয়াকৈ দুৰত্ব বৃদ্ধি কৰিছে বিজেপিৰ৷ মোডী মন্ত্ৰীসভাৰ সদ্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ চি পি সিংক লৈ বিজেপিৰে সংঘাত বৃদ্ধি পাইছে৷ আনকি দেওবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত নিটি আয়োগৰ বৈঠকত অনুপস্থিতি থাকিল বিহাৰৰ মুখ্যমন্ত্ৰীজন৷
উল্লেখ্য যে কিছুদিনৰ পৰা মুখ্যমন্ত্ৰীজনে আৰ জে ডিৰ সৈতে সংগোপনে মিত্ৰতাৰ ইংগিত দিয়াৰ সমান্তৰালকৈ কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে৷২০২৫ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ পৰা সমদুৰত্ব বৃদ্ধি কৰাটো বিচাৰিছে নীতিশ কুমাৰে৷
এনে ঘটনাক্ৰমৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনাত দলীয় বিধায়কৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে৷ এই বৈঠকে হয়তো নিৰ্ণয় কৰিব বিজেপিৰ সম্পৰ্ক বতাই থাকিবনে নাই৷ ৰাজনৈতিক পৰ্যবেক্ষক মহলে দাবী কৰা মতে জনতা দল ইউনাইটেডৰ বিধায়কৰ এটা পক্ষই আৰ চি পি সিঙৰে নেতৃত্বত মহাৰাষ্ট্ৰ ফৰ্মলাৰে বিজেপিৰ চৰকাৰ বতাই ৰাখি নীতিশ কুমাৰ গাদীচ্যুত কৰাৰ বাবে তৎপৰ হ’ব পাৰে৷
অৱশ্যে সকলো পৰিস্ফুট হ’ব মঙলবাৰৰ জনতাদল(ইউ)বিধায়িনী বৈঠকে কি আলোচনা হয়৷