Dr. Sangita Dutta Case Update :শিশু যোগান ধৰা উৎপলা বসুৰ আত্মসমৰ্পণ

ধনৰ বিনিময়ত উৎপলাৰ পৰা ক্ৰয়ৰ সন্দেহ, সন্তানহীন দম্পতীক সদ্যোজাত শিশু যোগান ধৰা দুই আশাকৰ্মী গ্ৰেপ্তাৰ, সংগীতাক পুনৰ পাঁচদিনৰ আৰক্ষী জিম্মালৈ

utpala basu

Dr. Sangita Dutta Case Update:Tezpur Incident:

মহানগৰীৰ দুই শিশুক অকথ্য নির্যাতন চলাই সম্প্রতি আৰক্ষীৰ জিম্মাত থকা চিকিৎসক দম্পতী ডাঃ বালিউল ইছলাম আৰু ডাঃ সংগীতা কাকতিয়ে ভুক্তভোগী শিশুদ্বয়ক বৃহৎ ধনৰ বিনিময়ত ক্ৰয় কৰিছিল। ধৃত চিকিৎসক দম্পতীৰ হাতত শিশুদ্বয় তুলি দিছিল উৎপলা বসু নামৰ এগৰাকী মহিলাই। যোৱা দুদিন ধৰি বসুক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে নিশা পলাতক হৈ থকা মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

সম্প্ৰতি পল্টন বজাৰ আৰক্ষী জিম্মাত থকা মহিলাগৰাকীয়ে শিশুদ্বয় নিজৰ ছাৰগেট সন্তান নহয় বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰি আন স্থানৰ পৰাহে শিশুদ্বয়ক আনি দিছিল বুলি স্বীকাৰোক্তি আগবঢ়াইছে। ইয়াৰ লগে লগে এই ঘটনাত এক গোপন ক’লা অধ্যায় পোহৰলৈ অহাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে।

শনিবাৰে আটকাধীন উৎপলা বসুৰ স্বীকাৰোক্তিৰ ভিত্তিত বসুক লগত লৈ পল্টন বজাৰ আৰক্ষীয়ে মহানগৰীৰ ধীৰেন পাৰা আৰু গোশালাত অভিযান চলাই দুগৰাকী আশাকৰ্মীক আটক কৰে৷ধৃত আশা কৰ্মী দুগৰাকী হ’ল ধীৰেন পৰাৰ এফ আৰু ইউত কৰ্মৰত আশাকৰ্মী লালবানু নেছা আৰু পাণ্ডু এফ আৰু ইউত কৰ্মৰত আশাকৰ্মী চুবেৰা খানুন৷ উদ্থাপিত অভিযোগ অনুসৰি দুই আশাকৰ্মীয়ে দীৰ্ঘদিন ধৰি  সন্তানহীন দম্পতীক বৃহৎ ধনৰ বিনিময়ত সদ্যোজাত সন্তান যোগান ধৰি আহিছিল ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে ,ডা:সংগীতা দত্তক আটকাধীন উৎপলা বসুয়ে দুই আশাকৰ্মীৰ জৰিয়তে বৰপেটাৰ পৰা দুই তোলনীয়া সন্তান যোগান ধৰিছিল ৷

মনকৰিবলগীয়া যে, আৰক্ষীয়ে তদন্ত যিমানেই অগ্ৰগতিত আগবাঢ়িছে সিমানেই বহু ন ন অধ্যায় পোহৰলৈ আহিছে ।

উল্লেখ্য যে যোৱা পাঁচ মে’ত ধৃত চিকিৎসক দম্পতীৰ বাসগৃহৰ ছাদৰ ওপৰত এগৰাকী চাৰে তিনি বছৰীয়া কন্যা শিশুক বান্ধি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। স্বাস্থ্য পৰীক্ষাত এই শিশুৰ ওপৰত পাশবিক নির্যাতন চলোৱা তথ্য পোহৰলৈ অহাৰ পাছতে সমবয়সীয়া আন এটি ল’ৰা শিশুক আৰক্ষীয়ে উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিছিল।

এই শিশু দ্বয়ক নিজৰ যমজ সন্তান বুলি সমাজৰ আগত চিকিৎসক দম্পতীয়ে দাবী কৰি আহিছিল। যদিও স্বাস্থ্য পৰীক্ষাত শিশুদ্বয়ৰ ওপৰত যৌন নির্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই সমগ্ৰ ঘটনাই এক নতুন দিশ লৈছিল। ইয়াৰ পাছতে পল্টন বজাৰ আৰক্ষীয়ে পক্স আইনৰ অধীনত ১৯৩/২০২৩ আৰু ২০১/২০২৩ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি চিকিৎসক দম্পতী ক্ৰমে ইছলাম, দত্ত আৰু তেওঁলোকৰ দুই বন কৰা মহিলা লক্ষী ৰয় আৰু কাবাইক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীৰ জেৰাত ডাঃ সংগীতাই এই শিশুদ্বয় নিজৰ নহয় বুলি স্বীকাৰ কৰি এক মহিলাৰ পৰা লৈছিল বুলি সদৰী কৰাৰ পাছতে সেই বিশেষ মহিলাগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। কালি মহিলাগৰাকীৰ উপস্থিতি পশ্চিমবংগত ধৰা পৰাৰ পাছতে আৰক্ষীৰ এটা দল গৈ সংশ্লিষ্ট ৰাজ্যত উপস্থিত হয় যদিও শুক্ৰবাৰে নিশা উৎপলা বসু নামৰ মহিলাগৰাকীয়ে নিজে আহি থানাত আত্মসমর্পণ কৰে।

তদন্তকাৰী আৰক্ষীয়ে এই কথা সদৰী কৰি কয় যে ধৃত উৎপলাই স্বীকাৰ কৰিছে যে এই শিশুদ্বয় তেওঁৰ নহয়। শিশুদ্বয়ক উৎপলাই ক’ৰ পৰা কেনেকৈ আনিছিল এই সন্দৰ্ভত সোধ-পোছ অব্যাহত আছে বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰি এই ঘটনাত বৃহৎ ধনৰ লেনদেন হোৱাৰ সন্দেহ প্রকাশ কৰিছে।

আনহাতে, ডাঃ ইছলাম পুনৰ পাঁচদিনৰ আৰক্ষী জিম্মাত থকাৰ সমান্তৰালভাৱে ডাঃ সংগীতাকো আদালতে পুনৰ আগন্তুক পাঁচদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

Exit mobile version