Kurshakati M E & L P School :ভাড়াতীয়া শিক্ষকৰে চলিছে এখন বিদ্যালয়

 ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ হেতালি শিক্ষা বিভাগৰ 

man 2

Kurshakati M e & L p School :

অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন আৰু অগ্ৰগতি কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে তেনে সময়ত এখন বিদ্যালয় শিক্ষকৰ অভাৱত মৃত্যুৰ দিশে গতি কৰিছে। যি সময়ত গুণগত শিক্ষাৰ কথা কোৱা হৈছে আৰু উপযুক্ত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে তেনে সময়ত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অধীনস্থ এখন স্কুলৰ দুৰৱস্থাই ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱকক হতাশ কৰি তুলিছে ।

। পৰ্বতঝোৰা শিক্ষা খণ্ডৰ কুৰ্ষাকাটি এম ই আৰু এল পি স্কুল একেলগে সংলগ্ন। পূৰ্বতে পৃথকে পৃথকে আছিল যদিও কেবা বছৰ পূৰ্বে দুয়োখন স্কুল একত্ৰিত কৰে বিভাগে। বৃহত্তৰ অঞ্চল সাঙুৰি লোৱা কুৰ্ষাকাটি এম ই স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট। পূৰ্বতে প্ৰায় ৮ গৰাকী শিক্ষক আছিল।

কিন্তু এজনৰ পিছত আনজন শিক্ষক অৱসৰ গ্ৰহণ কৰাত এতিয়া মাত্ৰ দুজন শিক্ষক আছে। তাৰে ভিতৰত এজন এল পি স্কুলৰ প্ৰধান শিক্ষক আৰু আনজন টেট শিক্ষক। এই দুজন শিক্ষকে দীৰ্ঘদিন ধৰি স্কুলখন কোনো মতে চলাই আহিছে ।

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ -ছাত্ৰী থকা স্কুলত দুই গৰাকী শিক্ষকে চকুৰে বাট নেদেখা হোবাই নহয় সাগৰৰ মাজত যেন সাঁতুৰী আহিছে । শিক্ষকৰ অভাৱত স্কুলৰ ছাত্ৰ- ছাত্ৰী সকলে উপযুক্ত শ্ৰেণী কাৰ্য, পাঠ আহৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অভিভাৱকৰ।

অৱসৰ গ্ৰহণ কৰি  শিক্ষক বিহীন হোৱাৰ পিছতো খবৰ নাই পৰ্বতঝোৰা শিক্ষা বিভাগৰ। স্কুলত শ্ৰেণী আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাত প্ৰায় দিনে শ্ৰেণী কাৰ্য ভালদৰে নহয়। ছাত্ৰ -ছাত্ৰী পাঠ গ্ৰহণ কৰিব নোৱাৰে।

শিক্ষকৰ অভাৱে যেন স্কুলৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈছে। মৃত্যুৰ দিশে গতি কৰা স্কুলখন ঘূৰাই আনিবলৈ আৰু দেশৰ ভবিষ্যত সম্পদ বুলি কোৱা ছাত্ৰ- ছাত্ৰীৰ জীৱনৰ ওপৰত ভিত্তি কৰি স্কুল পৰিচালনা সমিতি, অভিভাৱক আলোচনা কৰি চাৰি গৰাকী শিক্ষক সহায়ক হিচাবে লয়। ভাড়াত লোৱা চাৰি গৰাকী শিক্ষক অহা পিছত কিছু সকাহ লাভ কৰাই নহয় ছাত্ৰ- ছাত্ৰী সকলে সাধ্য অনুপাতে শ্ৰেণী কাৰ্য আহৰণ কৰি আহিছে।

স্কুলৰ দুগৰাকী শিক্ষকৰ লগতে ভাড়াতীয়া  চাৰি গৰাকীসহ ৬ গৰাকী শিক্ষক আছে। কিন্তু তথাপিও এই কেইজন শিক্ষক স্কুলৰ শ্ৰেণী কাৰ্য ভালদৰে চলাব পৰা নাই ৬টা শ্ৰেণীত গ’লে দুটা খালি হৈ থাকে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে শিক্ষক ইয়াৰ পূৰ্বে একাধিকবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে পৰ্বতঝোৰা খণ্ড শিক্ষা বিষয়া গৰাকীক অৱগত কৰিও কোনো সঁহাৰি লাভ নকৰাত হতাশ হৈ পৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে পৰ্বতঝোৰা খণ্ড শিক্ষা বিভাগৰ অধীনস্থ বহুত স্কুলত শিক্ষক আছে কিন্তু ছাত্ৰ -ছাত্ৰীৰ সংখ্যা কম। তেনে স্কুলৰ পৰা শিক্ষক আনি এইখন বিদ্যালয়ত দিব পাৰে যদিও সেয়া আজিও নকৰাত স্কুল চলাবলৈ অক্ষম হৈ পৰিছে। ৰাজ্য চৰকাৰে নতুনকৈ শিক্ষক নিযুক্তি দিবলৈ আগবাঢ়িছে ।

সেই বাবে কুৰ্ষাকাটি এম ই স্কুলত কমেও পাঁচ গৰাকী নতুন শিক্ষক নিযুক্তি দিয়াৰ বাবে কৰ্তৃপক্ষই আহ্বান অভিভাৱক তথা স্কুল পৰিচালনা সমিতিৰ। উল্লেখ যে দীর্ঘ কেবা বছৰ ধৰি স্কুলখনত নাই এজন বিজ্ঞান শিক্ষক। বিজ্ঞান শিক্ষক অবিহনে চলিছে এইখন স্কুল। শিক্ষকবিহীন এখন স্কুলৰ ছাত্ৰ- ছাত্ৰী গুণ গত শিক্ষা কেনে পাব পাৰে তাক স্পষ্ট কৰি তুলিছে।

Exit mobile version