Serbhanguri Kali Puja :সেৰফাংগুৰীৰ দেৱৰগাওঁ কালী মন্দিৰত তিনি দিনীয়া কাৰ্যসূচীৰে পূজাঁ আৰু মেলা আৰম্ভ

temple

Serbhanguri Kali Puja:

কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ অন্তৰ্গত ঐতিহাসিক দেৱৰগাওঁ কালী মন্দিৰত আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে পূজা আৰু মেলাৰ আৰম্ভ হয়।

ৰাতিপুৱাৰ ভাগত আৰম্ভ হয় পূজা । অসংখ্য ভক্তই হাতে হাতে পঠা ছাগলী, পাৰ আদিৰ উপৰিও বিভিন্ন ধৰণৰ ফল মূল নৈবেদ্য লৈ দীঘলীয়া শাৰি পতা পৰিলক্ষিত হয়।

১৯২৫ চনতে স্থাপিত হোৱা ঐতিহাসিক দেৱৰগাওঁ কালী মন্দিৰটোত কোকৰাঝাৰ জিলাৰ উপৰিও অসম, পশ্চিমবঙ্গ, বাংলাদেশ, ভূটান, নেপাল আদিৰ পৰাও অসংখ্য ভক্তই পূজা- অৰ্চনা কৰিবলৈ আগমন ঘটে বুলি মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ধনঞ্জয় ৰায়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ঐতিহাসিক দেৱৰগাওঁ কালী মন্দিৰত অসংখ্য ভক্তই নিজৰ মন কামনা পূৰ্ণ কৰাৰ বাবে বছৰটোত দেবী কালীক মানস কৰে আৰু বাৰ্ষিক পূজা অনুষ্ঠানত মানস কৰা সামগ্রী সমূহ লৈ পূজা অৰ্চনা কৰি দেবীৰ পৰা আশীশ গ্ৰহণ কৰে।

তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পূজা আৰু মেলাত শান্তি -সম্প্ৰীতি বজাই ৰাখি পূজা অৰ্চনা কৰিবলৈ সৰ্বসাধাৰণ ৰাইজক আয়োজক সমিতিয়ে আহ্বান জনায়।

Exit mobile version