Nonomati Railway Track:ননমাটি ৰে’ল লাইনত প্ৰকাণ্ড ফাঁট !

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল তেল পৰিবাহী ৰে'ল

train oil trakner

Nonomati Railway Track:

মহানগৰীৰ নুনমাটি ৰে’ল লাইনত অঘটন। এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল এখন তেল পৰিবাহী ৰে’ল
প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ ননুমাটি ৰে’ল লাইনৰ পৰা গুৱাহাটী শোধনাগাৰৰ ভিতৰলৈ প্ৰৱেশ কৰা ৰে’ল লাইনত মেলিল বৃহৎ ফাঁট।

তেল পৰিবাহী ট্ৰেইন পাৰ হোৱাৰ সময়তে মালবাহী ট্ৰেইন এখনৰ চালকে ধৰা পেলালে বৃহৎ ফাঁটটো ৷ ইয়াৰ পাছতে ৰে’ল কৰ্তৃপক্ষই সম্ভাব্য বিপদৰ আশংকা কৰি তৎক্ষণাত বন্ধ কৰি দিয়ে ৰে’লৰ চলাচল ৷ ৰে’ল লাইনৰ ওপৰতে প্ৰায় এঘন্টা সময় ধৰি আবদ্ধ হৈ থাকে তেল পৰিবাহী ট্ৰেইন খন।

যাৰবাবে চান্দমাৰী- নাৰেংগী ক্ৰছিংৰ দুয়োফালৰ পথত ব্যাপক যান- জঁঁটৰ সৃষ্টি হয় ৷ বহু সময়ৰ পাছতে ৰে’ল লাইন মেৰামতিৰ মেকানিক আহি বহু চেষ্টাৰ অন্তত বৃহৎ ফাঁটটো মেৰামতি কৰি ৰে’ল লাইনটো পুনৰ মুকলি কৰি দিয়ে ৷

Exit mobile version