SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি

পুনৰ পাঁচ দিনৰ আৰক্ষী জিন্মাত শেৱালি সহ তিনি অভিযুক্ত, সোমবাৰে আৰক্ষীয়ে আটাই কেইগৰাকী অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰা হৈছিল

SEART SCAM 1

SCERT Scam Update:

ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদ (এছ চি ই আৰ টি)ৰ অধীনত স্মার্ট ক্লাছকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত সংঘটিত হোৱা প্ৰায় ১০৫ কোটিটকীয়া দুৰ্নীতিৰ গোচৰত সম্প্ৰতি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা নিলম্বিত শেৱালী দেৱী শর্মাসহ তিনি অভিযুক্তক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ।

গ্রেপ্তাৰৰ আশংকাত আত্মগোপন কৰি থকা অৱস্থাত যোৱা আঠ মে’ত তদন্তকাৰী সংস্থাটোৱে ৰাজস্থানৰ আজমেৰৰ এখন হোটেলৰ পৰা শেৱালী দেৱী সহ আন দুই অভিযুক্ত ক্রমে অজিত পাল সিং আৰু ঠিকাদাৰ ৰাহুল আমিনক গ্ৰেপ্তাৰ কৰাৰ পাছতে যোৱা ১০ মে’ত আদালতত হাজিৰ কৰিছিল আৰু আদালতে তিনিওকে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

সোমবাৰে জিম্মাৰ দিন অন্ত পৰাত  আৰক্ষীয়ে আটাই কেইগৰাকী অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰা হয় বুলি তদন্তকাৰী সংস্থাটোৰ আৰক্ষী অধীক্ষক ৰাজী কলিতাই সদৰী কৰিছে । সোমবাৰে আদালতে পুনৰ পাঁচ দিনৰ আৰক্ষী জিন্মাত দিয়ে শেৱালি সহ তিনি অভিযুক্তক

শেৱালি দেৱী শৰ্মা আৰু আন এজন অভিযুক্ত এন চি ই আৰ টিৰ গাণনিক জয়চন্দ্ৰক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আদালতৰ নিৰ্দেশ অনুসৰি মুখামুখি জেৰা চলাব গুৱাহাটী আৰক্ষীয়ে ৷

উল্লেখ্য যে ২০১৭ৰ পৰা ২০২২লৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদৰ সঞ্চালকৰ দায়িত্বত থকাৰ সময়ত নিলম্বিত আইএএছ বিষয়া শেৱালীয়ে বিভাগৰ অনুমোদন নোলোৱাকৈ গোপনে পাঁচটাকৈ একাউণ্ট খুলি দুই জোঁৱায়েকসহ মুঠ পাঁচখন ফাৰ্মক ১০৫ কোটি টকাৰ ঠিকা আৱণ্টন দিছিল।

বিশেষকৈ বিদ্যালয়ৰ স্মাৰ্ট ক্লাছ, লেট্রিন- বাথৰূম, লোহাৰ গেট, দেৱাল আৰু বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত এই ধনৰাশি বিভাগীয় অনুমোদন অবিহনে মোকলাই দিয়া হৈছিল যদিও নিম্ন মানৰ কাম কৰি বৃহৎ অংশ ধন হৰলুকি কৰা হৈছিল। ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ বিভাগীয় তদন্ত ঘোষণা কৰা হৈছিল আৰু যোৱা ১৮ মাৰ্চত কৃষি বিভাগৰ সচিব পদত থকাৰ অৱস্থাত শৰ্মাক নিলম্বন কৰা হৈছিল।

ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকীৰ কোষত ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি) / ৪০৬/৪09/201/420/ ৪৬৮/৪৭১, পিচি এক্ট ১৯৮৮ৰ আৰ ডব্লিউ ছেচন ৭ (এ)/১২/১৩ (১) এ/১৩ (২), অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন-২০০৫ৰ আৰ ডব্লিউ ছেকচন আঠ আৰু অসম ৰাজহুৱা ক্ৰয় আইন-১০১৭ৰ আৰ ডব্লিউ ছেকচন ৪১ অধীনত ০৩/২০২৩ নম্বৰত এক গোচৰ ৰুজু হৈছিল আৰু এই গোচৰত বৰ্তমানলৈ বিষয়া-ঠিকাদাৰসহ মুঠ ১০ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ধৃত শেৱালীৰ সৰু জীয়েক বিজিতা শর্মা, তেওঁ স্বামী অজিত পাল সিং, বৰ জোঁৱাই তথা কংগ্ৰেছ নেতা ৰাজেশ যোশী, ঠিকাদাৰ ৰাহুল আমিন, পৰিষদৰ উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, কার্যালয়টোৰ গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কার্যালয় সহায়ক ৰমিজউদ্দিন আহমেদ আৰু  হিচাপৰক্ষক (চিত্র) সাৰংগ ম’ৰে অন্যতম। এই কেলেংকাৰিত আৰু কে’বাজনো গ্ৰেপ্তাৰ হ’ব বুলি তদন্তকাৰী সংস্থাটোৱে সদৰী কৰিছে।

Exit mobile version