Guwahati Double Murder Case:২৩মে’ৰ পৰা আৰম্ভ হ’ব ডাবল মার্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া

হত্যাকাণ্ডৰ আন দুই অভিযুক্ত ধনটি ডেকা আৰু অৰূপ ডেকাৰো আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া

nonmati murder case

Guwahati Double Murder Case:

২৩মে’ৰ পৰা আৰম্ভ হ’ব মহানগৰীৰ ননুমাটিৰ নৃশংস ডাবল মার্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া।লোমহৰ্ষক হত্যাকাণ্ডৰ আন দুই অভিযুক্ত ধনটি ডেকা আৰু অৰূপ ডেকাৰো আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া। ন্যায়িক দণ্ডাধীশ এফ চি -১ৰ কে, ভট্টাচাৰ্যৰ আদালতত চলিব গোচৰ প্ৰক্ৰিয়া।

উল্লেখ্য যে ,আদালতত পঞ্জীয়ন হোৱা গোচৰটোৰ নম্বৰ হৈছে পি চি আৰ -৭৩৮/২০২৩। ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ২০১আৰু ৩৪ নং ধাৰা আৰোপ কৰা হৈছে তিনিও অভিযুক্তৰ বিৰুদ্ধে।

কাৰাবন্দী হৈ থকা তিনিও অভিযুক্তক ২৩মে’ত কাৰাগাৰৰ পৰা আদালতত হাজিৰ কৰিব মহানগৰ আৰক্ষীয়ে।
উল্লেখযোগ্য ,দেশ কপাই যোৱা মহানগৰীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ১৪ মে’ত আদালতত দাখিল কৰিছিল চাৰ্জশ্বীট

উল্লেখ্য যে,নৃশংস হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্ববাহী বিষয়া আব্দুল মমিনে প্ৰায় ১৬০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে আদালতত ৷ স্মতৰ্ৱ্য যে, নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই ৷ এই ঘটনাত সহযোগী হিচাপে আছিল ধনজিত আৰু অৰূপ ৷

Exit mobile version