Karnataka New Cm:কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব !

ছিদ্দাৰামাইয়াৰ নামত মোহৰ মাৰিব হাইকামাণ্ডে, উপ-মুখ্যমন্ত্ৰীৰ ৰূপে ডি.কে. শিৱকুমাৰ !, ১৮ মে'ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান

Karnataka 1

Karnataka New Cm:

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়াৰ নামত কংগ্ৰেছ হাইকামাণ্ডে মোহৰ মৰাটো নিশ্চিত হৈ পৰিছে ৷ একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি. কে. শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে

উল্লেখ্য যে,কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা যোৱা চাৰিদিন ধৰি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত নতুন দিল্লীৰ ১০ নং জনপথত ব্যাপক তৎপৰতা অব্যাহত আছে ৷

এনে প্ৰেক্ষাপটৰ মাজতে মুখ্যমন্ত্ৰীত্বৰ দুই দাবী দাৰৰ অন্যতম জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াক হাইকামাণ্ডে নতুন দিল্লীলৈ তলৱ কৰাৰ পাচত বিগত তিনিদিন ধৰি দিল্লীত বাহৰ পাতি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে ঘনে ঘনে বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ১০ নং জনপথত সাক্ষাৎ কৰে সিদ্ধাৰামাইয়াই ৷

আনহাতে আজি মুখ্যমন্ত্ৰীৰ আন এজন শক্তিশালী দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰেও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে এক বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সুকীয়া সুকীয়াকৈ ১০ নং জনপথত সাক্ষাৎ কৰে ৷

কিন্ত আবেলি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নামত মোহৰ মাৰিব পৰা নাই কংগ্ৰেছ হাইকামাণ্ডে৷ দুয়োজনে মুখ্যমন্ত্ৰীত্বৰ পদৰ বাবে আকোৰগোজ হৈ থাকে ৷ যাৰবাবে হাইকামাণ্ড-এ চুড়ান্ত সিদ্ধান্ত লোৱাত বিলম্ব হৈছে ৷ আনকি কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ৫০-৫০ ফৰ্মুলাক লৈ আলোচনা চলে ৷

কংগ্ৰেছে ছোনীয়া গান্ধী,ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ দুয়োজনক মুখামুখিকৈ বহাই এক চুড়ান্ত সিদ্ধান্তত উপনিত হ’বৰ বাবে কুজকাৱাজ তীব্ৰ কৰি তোলে ৷

বুধবাৰে নিশাৰ ভাগত ছবি স্পষ্ট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ নতুন দিল্লীৰ পৰা শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম একপ্ৰকাৰ চুড়ান্ত কৰা হৈছে  ৷ মাত্ৰ আনুষ্ঠানিকতা বাকী ৷

সেই অনুসৰি ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ একেদৰে শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপেও নিজৰ দায়িত্ব নিৰ্বাহ কৰিব ৷

মনকৰিবলগীয়া যে, ১৮ মে’ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী আৰু উপ -মুখ্যমন্ত্ৰী সহ ১০ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

Exit mobile version