Srinivas B V Granted Anticipatory Bail In Supreme Court: সৰ্বোচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন মঞ্জুৰ শ্ৰীনিৱাস

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে অংকিতা দত্তই দিছপুৰ থানাত তৰিছিল গোচৰ

sri nivash 1

 Srinivas Granted Anticipatory Bail In Supreme Court:

কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস ভিৱিৰ ৷

উল্লেখ্য যে, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সদ্য নিলম্বিত কংগ্ৰেছী অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া খণ্ডপীঠে গ্ৰহণ কৰি আদালত আবেদন অগ্ৰাহ্য কৰে ৷

উল্লেখ্য যে দিছপুৰ থানাই জাৰি কৰা জাননী অনুসৰি দুই মে’ত দিছপুৰ থানাত এঘাৰ বজাত হাজিৰ হ’ব লাগিছিল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। কিন্ত থানাত হাজিৰ নহৈ পলাতক অৱস্থাত থাকে শ্ৰীনিৱাস ৷

আনহাতে, ইতিপূৰ্বে শ্ৰী নিবাসৰ বাংগালোৰস্থ বাসগৃহত গৈ চমন আৰি থৈ আহে গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই ৷

উল্লেখযোগ্য অংকিতা দত্তই শ্ৰী নিবাসৰ বিৰুদ্ধে নিযার্তনৰ গোচৰ তৰিছিল দিছপুৰ থানাত ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছিল খৰতকীয়া তদন্ত ৷ এই তদন্ত অনুসৰি শ্রী নিবাস দুই মে’ত থানাত হাজিৰ হ’লে জেৰা চলালেহেতেন আৰক্ষীয়ে৷

স্মতৰ্ৱ্য যে, অসম আৰক্ষীয়ে ইতিপূৰ্বে শ্ৰী নিবাসক পলাতক ঘোষণা কৰিছিল ৷ মনকৰিবলগীয়া যে,অংকিতা দত্তৰ দিছপুৰ থানাত দিয়া গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিৱাসে জনোৱা আবেদনৰ ওপৰত ২৬ এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কোনো সকাহ নিদিলে শ্ৰীনিৱাসক ৷

ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া বিচাৰপীঠে চাৰিঘন্টা জোৰা শুনানি গ্ৰহণ কৰি আৰক্ষীক দুই মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল৷

পাঁচ মে’ত উল্লিখিত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীনিৱাসৰ আবেদন অগ্ৰাহ্য কৰি অন্তৰ্ৱতীকালীন জামিন দিয়াৰ পৰা বিৰত থাকে ন্যায়াধীশ অজিত বৰঠাকুৰ আদালত৷

আদালতৰ এই ৰায়দানৰ পাছত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিৱাসৰ গোচৰৰ তদন্ত খৰটকীয়া কৰি যিকোনো মুহূৰ্ততে ৱাৰেণ্টৰ জৰিয়তে গ্ৰেপ্তাৰ কৰটো প্ৰকট হৈ পৰিছিল যদিও পলাতক অৱস্থাত আছিল শ্ৰীনিৱাস ভিৱি ৷

মনকৰিবলগীয়া যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল ।
দিছপুৰ থানাই শেহতীয়াকৈ এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনাও দিছিল শ্ৰী নিৱাসক ৷

আনহাতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কিন্তু ন্যায়ালয়ে সকাহ নিদিলে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

অৱশ্যে আজি দেশৰ উচ্চতম ন্যায়ালয়ে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ অগ্ৰিম জামিন মঞ্জুৰ কৰি কিছু হ’লেও সাময়িক সকাহ দিয়ে শ্ৰী নিৱাসক ৷

Exit mobile version