CID Interrogates SI Abhajyoti Rabha:এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চিআইডিৰ জেৰা

হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক

abhajyoti RABHA

CID Interrogates SI Abhajyoti Rabha:

ৰাজ্য কপাই যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই শেহতীয়াকৈ সৃষ্টি কৰিছে ঘন ৰহস্য ৷ ইতিমধ্যে ডি জি পি জি পি সিঙে চি আই ডিৰ দ্বাৰা ঘটনাৰ তদন্ত ঘোষণাৰ পাছত বৃহস্পতিবাৰে নগাঁও চহৰৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক চি আই ডিয়ে মাৰাথন জেৰা কৰে ।

নগাঁও পুলিচ গেষ্ট হাউছত কে’বা ঘন্টাজুৰি জেৰা চলাই অনুসন্ধানকাৰী সন্থাটোৰ বিষয়াই ৷

উল্লেখ্য যে, জোনমণিৰ মাতৃয়ে আভাজ্যোতি ৰাভা আৰু নগাঁও সদৰ থানাৰ অ’চি মনোজ ৰাজবংশীৰ বিৰুদ্ধে আনিছিল বহু বিস্ফোৰক অভিযোগ ।

জোনমণিৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে,দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা জোনমণিয়ে মাকক আভাজ্যোতিৰ সৈতে ওলাই যোৱাৰ কথা ফোনযোগে জনাইছিল ৷ আনকি দুৰ্ঘটনাগ্ৰস্ত বাহন খন আভাজ্যোতিয়ে চলাইছিল বুলি চাঞ্চল্যকৰ মন্তব্য সদৰি কৰিছিল ৷

Exit mobile version