Lat Mandal Arrested For Bribery:পুনৰ ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

lat Mandal arrested

Lat Mandal Arrested For Bribery:

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লোৱাৰ মাজতে পুনৰ ঘোচ লৈ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী ৷

মাটিৰ পট্টাৰ নথি প্ৰদানৰ নামত উৎকোচ লওতেই দুনীৰ্তি নিবাৰকে হাতে লোটে গ্ৰেপ্তাৰ কৰে কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মহেন্দ্ৰ নাথক ৷

ইতিমধ্যে ধৃত লাট মণ্ডল জনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিছে দুনীৰ্তি নিবাৰক শাখাই

উল্লেখ্য যে, ২০২১ৰ ১০ মে’ৰ পৰা ২০২৩ ৰ ১০ মে’লৈকে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ১০৭ বিষয়া- কৰ্মচাৰী ৷ ইয়াৰে সাতজন দালাল ৷

Exit mobile version