Lat Mandal Arrested For Bribery:
দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লোৱাৰ মাজতে পুনৰ ঘোচ লৈ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী ৷
মাটিৰ পট্টাৰ নথি প্ৰদানৰ নামত উৎকোচ লওতেই দুনীৰ্তি নিবাৰকে হাতে লোটে গ্ৰেপ্তাৰ কৰে কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মহেন্দ্ৰ নাথক ৷
ইতিমধ্যে ধৃত লাট মণ্ডল জনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ আনিছে দুনীৰ্তি নিবাৰক শাখাই ৷
উল্লেখ্য যে, ২০২১ৰ ১০ মে’ৰ পৰা ২০২৩ ৰ ১০ মে’লৈকে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ১০৭ বিষয়া- কৰ্মচাৰী ৷ ইয়াৰে সাতজন দালাল ৷