PIL Submitted In GH:গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল অধিবক্তাৰ

নলবাৰী শ্বহিদ মুকুন্দ কাকতি চিকিৎসালয়ত পূর্বৰ দৰে দৈনন্দিন সেৱা অৱ্যাহত ৰখাৰ নিৰ্দেশ আদালতৰ

nalbari hospital

PIL Submitted In GH:

নামনি অসমৰ আগশাৰীৰ চৰকাৰী চিকিৎসালয় নলবাৰী শ্বহিদ মুকুন্দ কাকতি চিকিৎসালত পূর্বৰ দৰে দৈনন্দিন সেৱা অৱ্যাহত ৰখা আৰু ইয়াৰ সুৰক্ষা প্ৰদান সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত ৰীট আবেদন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে অধিবক্তা সন্দীপ চমৰীয়াই ৷

পি. আই. এল নং ৪১/২০২৩ নম্বৰত পঞ্জীভূক্ত হোৱা গোচৰটোত আবেদনকাৰী অধিবক্তা চমৰীয়াই নলবাৰী শ্বহিদ মুকুন্দ কাকতি চিকিৎসালয়ত ৰাজ্য চৰকাৰে ইয়াৰ দৈনন্দিন সেৱা বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আদালতক অৱগত কৰে যে ,চিকিৎসালয় খনৰ অপিডি সেৱা বন্ধ কৰি দিয়াৰ পৰিণতিত সাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব ৷

আনহাতেহআদালতে শুনানীত সন্তুষ্ট হৈ ভাৰত তথা অসম চৰকাৰক প্ৰয়োজনীয় উত্তৰ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ একেদৰে আদালতে নলবাৰী শ্বহিদ মুকুন্দ কাকতি চিকিৎসালয়ৰ যথাঅৱস্থা বাহাল ৰাখিবলৈও চৰকাৰক নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে,আদালতে শুনানিৰ বাবে পৰৱৰ্তী দিন ধাৰ্য কৰে ৩০ মে’ ৷

Exit mobile version