Junmoni Rabha Body Post-Mortem Report :মৰণোত্তৰ প্ৰতিবেদনত ফাদিল বহু গুৰুত্বপূর্ণ তথ্য

মৃত্যু হোৱাৰ আগতেই আঘাতপ্ৰাপ্ত হৈছিল জোনমণি, মৰনোত্তৰ পৰীক্ষা কৰা দুই চিকিৎসকক তলব চি আই ডিৰ, ডা:গোপাল চন্দ্ৰ ৰয় আৰু এছ বি জুনেদে কৰিছিল মৰনোত্তৰ পৰীক্ষা

civil

Junmoni Rabha Body Post-Mortem Report:

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ প্ৰতিবেদনে ফাদিল কৰিলে বহু গুৰুত্বপূর্ণ তথ্য ৷ মৃত্যু হোৱাৰ আগতেই আঘাতপ্ৰাপ্ত হৈছিল জোনমণি৷মগজুৰ ৰক্তক্ষৰণ, হৃদক্রিয়া বন্ধ হৈ মৃত্যু মূৰ, বুকু, তলপেট, আঁঠ, কিলাকূটিত আছিল
গুৰুতৰ আঘাতৰ চিন ৷ মূৰৰ পিছৰ অংশত গুৰুতৰভাৱে আঘাত পাইছিল জোনমণিয়ে৷ একেদৰে বুকু, মূৰ, তলপেটত আঘাতৰ চিন স্পষ্ট ৷

উল্লেখ্য যে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মৃত্যুৰ পূৰ্বেই জোনমণিৰ শৰীৰত আঘাত আছিল অৰ্থাৎ জোনমণিৰ শৰীৰত আঘাত চিনবোৰ মৃত্যুৰ পাছত নহয়। মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। জোনমণিৰ আঁঠু, ভৰি, কিলাকুটিৰ লগতে হাততো দেখা গৈছিল ঘঁহনি খোৱাৰ চিন। কপালৰ এটা অংশ আছিল। ক্ষতি-বিক্ষত।

মূৰৰ পাছফালৰ অঞ্চলতো জোনমণিৰ হাড় ভঙা আছিল । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বুকুৰ তলৰ অংশ আৰু পেটৰ ওপৰৰ অংশতো আঘাতৰ চিন স্পষ্ট আছিল। এই অংশ ৰঙা পৰি আছিল।

প্ৰতিবেদনৰ মতে, জোনমণিৰ মৃত্যু শৰীৰৰ ভিতৰত প্ৰচুৰ ৰক্তক্ষৰণ আৰু চক খোৱাৰ ফলতে হৈছিল। মূৰ আৰু মগজুত হোৱা আঘাতৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল জোনমণিৰ। মগজুৰ ভিতৰতো গোট মাৰিছিল তেজ ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি বৃহস্পতিবাৰে জোনমণি ৰাভাৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা প্ৰতিবেদন ওলোৱাৰ পাছতে আজি চি আই ডিয়ে মৰনোত্তৰ পৰীক্ষা কৰা দুই চিকিৎকক তলব কৰে ৷ ডা:গোপাল চন্দ্ৰ ৰয় আৰু এছ বি জুনেদে কৰিছিল মৰনোত্তৰ পৰীক্ষা ৷

প্ৰাপ্ত খবৰ অনুসৰি মৰনোত্তৰ পৰীক্ষাৰ সময়ত ভিডিঅগ্ৰাফী নকৰা সন্দৰ্ভত চি আই ডিয়ে সোধা পোছা কৰাৰ সদ্ভাৱনা আছে ৷

Exit mobile version