Majuli Accident:দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মাজুলীত

অতিৰিক্ত উপায়ুক্তৰ এছক'ৰ্ট বাহনে মহটিয়ালে দুই ছাত্রক,পৰিস্থিতি নিয়ন্ত্ৰণ বাবে ঘটনাস্থলীত মোতায়ন চিআৰপিএফ বাহিনীক

majuli

Majuli Accident:

মাজুলীত উত্তপ্ত পৰিস্থিতি। এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুক্ৰবাৰে দুপৰীয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জিলা খনৰ অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ বাহনে মহটিয়ালে দুই ছাত্রক।

বৰগুৰি চাৰিআলিত সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ অয়নজ্যোতি বণিয়া। আনহাতে গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ ছাত্ৰ মলয় নাথ ।

গড়মূৰলৈ আহি থকা অৱস্থাতে খুন্দিয়াই এছক’টখনে। উল্লেখ্য যে, আৰক্ষীৰ বাহনখনৰ পৰা উদ্ধাৰ হয় সুৰাৰ বটল। ৰাইজে কৰায়ত্ত কৰে বাহনসহ আৰক্ষীৰ লোকসকলক।

আনহাতে গুৰুত্বৰভাৱে আহত ছাত্রজনক গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাক কেন্দ্র কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত চি আৰ পি এফ বাহিনীৰ জোৱান মোতায়ন কৰা হয় । ঘটনাস্থলীত আৰক্ষী অধীক্ষক সহ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়  ৷

Exit mobile version