RBI Will Remove 2,000 Notes From Circulation: শীৰ্ঘেই বন্ধ হ’ব দুহেজাৰ টকীয়া নোট !

৩০ ছেপ্তেম্বৰলৈকে দুহেজাৰ টকীয়া নোট, ৩০ ছেপ্তেম্বৰৰ পাছত অবৈধ হ'ব দুহেজাৰ টকীয়া নোট, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ঘোষণা

2000

RBI Will Remove 2,000 Notes From Circulation:

দেশত শীৰ্ঘেই বন্ধ হোৱাৰ পথত দুহেজাৰ টকীয়া নোট ৷ ৩০ ছেপ্তেম্বৰলৈকে চলি থাকিব দুহেজাৰ টকীয়া নোট ৷ ৩০ ছেপ্তেম্বৰৰ পাছৰে পৰা এই নোট অবৈধ হ’ব ৷

আনহাতে নতুনকৈ প্ৰচলন হোৱা নোট সমূহো পুনৰ বন্ধ হ’ব ৷ এই কথা আজি সদৰি কৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ৷ এই সন্দৰ্ভত RBI -এ কেন্দ্ৰীয় কয় যে তেওঁলোকে দুহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷সেই অনুসৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাইজে নোটবোৰ সলনি কৰিব পাৰে।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ১৯ টা আঞ্চলিক কাৰ্যালয়ে ২৩ মে’ৰ পৰা কম মূল্যৰ নোটৰ সৈতে বিনিময়ৰ বাবে দুহেজাৰ টকীয়া নোট লোৱা আৰম্ভ কৰিব। সেইবাবে বেংকে ব্যাপক তৎপৰতা চলাইছে ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাতিটোৰ ভিতৰতে এহেজাৰ আৰু পাঁচশ টকীয়া নোট বাতিল কৰাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ২০১৬ ৰ নৱেম্বৰত নতুন দুহেজাৰ নোট ছপা কৰা আৰম্ভ কৰিছিল ।

আৰ বি আই-এ এক বিবৃতিত আজি সদৰি কৰি কয়,”অন্যান্য মূল্যৰ নোট পৰ্যাপ্ত পৰিমাণত উপলব্ধ হোৱাৰ পিছত দুহেজাৰ টকীয়া নোট প্ৰৱৰ্তনৰ ব্যৱস্থা লোৱা হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত ২০১৮-১৯ বৰ্ষত দুহেজাৰ টকীয়া নোটৰ মুদ্ৰণ বন্ধ কৰা হৈছিল ৷

একেদৰে কাৰ্যকৰী সুবিধা নিশ্চিত কৰিবলৈ আৰু বেংক শাখা সমূহত নিয়মীয়াভাৱে চলিত মাহৰ ২৩ মে’ৰ পৰা যিকোনো বেংকত একে সময়তে দুহেজাৰ টকীয়া নোট বিনিময় কৰিব পাৰিব বুলি স্পষ্ট কৰি দিয়ে আৰ বি আই- এ ৷

Exit mobile version