Guwahati Press Club Election: তিনি জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

 ভোটাৰৰ সংখ্যা ৯৯৮

gpc

Guwahati Press Club Election:

গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নির্বাচন সমিতিয়ে । নির্বাচন সমিতিয়ে ইতিমধ্যে ভোটাৰ তালিকা প্রকাশ কৰিছে।

তালিকা অনুসৰি এইবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবৰ মুঠ ভোটাৰৰ সংখ্যা ৯৯৮ । সদস্য পদৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ১,২৭১। ইয়াৰে ২২৫ গৰাকীৰ আবেদন বিসংগতি, অভিজ্ঞতা নথকা বা আন অনুষংগিক কাৰণত নাকচ কৰা হয় বুলি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত গুৱাহাটী প্ৰেছ ক্লাবৰ নির্বাচন কমিটীৰ তত্ত্বাবধায়ক তথ্য সভাপতি দুর্বা ঘোষে কয়।

তেওঁ লগতে কয় যে গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধানৰ মতে তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থকা সকলো কৰ্মৰত সাংবাদিককে প্ৰমুখ্যে কৰি কাৰ্যবাহী সম্পাদকলৈকে ভোট দিয়াৰ অধিকাৰ থাকিব।

সংবাদমেলত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ৰিটার্নিং অফিচাৰ’ তথা আইনী উপদেষ্টা বিজন মহাজনে কয় যে,নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অহা তিনি জুনত অনুষ্ঠিত হ’ব । ভোট গণনা আৰু নিৰ্বাচনৰ ফল ঘোষণা কৰা হ’ব চাৰি জুনত ।

সিদিনা দিনৰ ৯ বজাৰপৰা ভোট গণনা কৰা হ’ব। আজিৰপৰা ২১ মে লৈকে মনোনয়ন-পত্র বিতৰণ কৰা হ’ব। মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২৭ মে’। চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব ২৭ মেত।

গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবিধানিক নিয়ম অনুসৰি মুঠ ১০টা পদত নির্বাচন অনুষ্ঠিত হ’ব । পদ কেইটা হ’ল— সভাপতি, উপ- সভাপতি (দুটা পদ), সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক (দুটা পদ), সাংগঠনিক সম্পাদক, কোষাধ্যক্ষ, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক। ইয়াৰ ভিতৰত উপ-সভাপতিৰ এটা পদ আৰু সহকাৰী সম্পাদকৰ এটা পদ মহিলাৰ বাবে সংৰক্ষিত। সংবাদমেলত গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন কমিটীৰ সদস্য পুলিন সাহা, মন্টু শ‍ইকীয়া, অনুপম নাথ আদি উপস্থিত থাকে।

Exit mobile version