Pressmeet In Journalist Hemanta And Anupam:আৰ টি আই প্ৰতিবেদনত বাৰেবিংকৰা উত্তৰঃ ব্যয়ৰ হিচাপ নাই বিভাগৰ হাতত

ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত ৮ কোটি টকাৰ কেলেংকাৰী ! তথ্য ৰাজহুৱা কৰি তদন্তৰ দাবী সাংবাদিক হেমন্ত শৰ্মা আৰু অনুপম হাজৰিকাৰ

journalist pressmeet

Pressmeet In Journalist Hemanta And Anupam:

বিগত কেবাবছৰে বন্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত প্ৰায় ৮ কোটি টকাৰ দুৰ্নীতি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে সাংবাদিক হেমন্ত শৰ্মা আৰু অনুপম হাজৰিকাই৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি তথ্য ৰাজহুৱা কৰে সাংবাদিকদ্বয়ে ৷

তথ্য অনুসৰি যোৱা ১৬ মাৰ্চত তথ্য জনা অধিকাৰ আইনৰ সহায় লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ সবিশেষ তথ্যৰ লগতে আন দুটামান সৰু তথ্যও বিচৰা হৈছিল৷ কিন্তু বিভাগৰ তৰফৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ দি বাকী মেৰামতিৰ সবিশেষ তথ্য লোকনিৰ্মাণ বিভাগলৈ ঠেলি দিলে ৷

ৰিপোৰ্ট অনুসৰি মেৰামতিৰ হিচাপ তথা সবিশেষ তথ্য দিলে এনেধৰণেৰে– ‘উত্তৰ-পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰেক্ষাগৃহ হিচাপে এই গৃহটোতে চৰকাৰী, বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷ যোৱাবছৰৰ জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী চহৰৰ প্ৰায়ভাগ অঞ্চল পানীৰ তলত থাকিবলগীয়া হোৱাৰ দৰে ৰবীন্দ্ৰ ভৱনৰ চাৰিওপিনে পানীৰে আবৃত আছিল ৷

যাৰ ফলত প্ৰেক্ষাগৃহৰ ভিতৰত পানী নিগৰি নিগৰি সোমাই কাৰ্যসূচী ৰূপায়ণত বাধাগ্ৰস্ত হৈছিল৷ অৱশেষত বিভাগীয় সঞ্চালক মহোদয়ৰ চিঠি নং CAM. ৩৫/২০২২/১০ dtd. ১৭/০৬/২০২২ মৰ্মে আমি তেখেতৰ কাৰ্যালয়ত উপস্থিত হৈ আলোচনাত বহা হৈছিল আৰু আলোচনা মৰ্মে তাৎক্ষণিত হিচাপে পানী বন্ধ কৰাৰ বাবে প্ৰেক্ষাগৃহটোৰ মজিয়াখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷

কিয়নো তাৎক্ষণিক পুনৰ নিৰ্মাণ নকৰিলে প্ৰেক্ষাগৃহত কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহৈছিল৷ সেই মৰ্মে বিভাগীয় ফালৰ পৰা জৰুৰীভাৱে কামটো আৰম্ভ কৰা হৈছিল ৷ এই কামতো সম্পূৰ্ণভাৱে নহওঁতেই ৰবীন্দ্ৰ ভৱনটো একেঠাইতে পুনৰ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিবলৈ ০৬-০৯-২০২২ তাৰিখে কোকৰাঝাৰত হোৱা কেবিনেট মিটিং মৰ্মে লেটাৰ নং. Min/DR/IC গুPS/CA/২৯/২০২২/৩৪ dtd. Dispur ০৭/০৯/২০২২ বিভাগীয় বিশেষ আয়ুক্ত আৰু বিশেষ সচিবক [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] লৈ বিভাগীয় মন্ত্ৰী বিমল বড়াৰ পৰা পত্ৰ আহে ৷

সেই সূত্ৰে মেৰামতিৰ কাম বন্ধ কৰা হয়৷’ বিভাগটোৰ এনেধৰণৰ বাৰেবিংকৰা উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক হেমন্ত শৰ্মাই কয়, ‘সাংস্কৃতিক বিভাগটোৰ পৰা সাধাৰণতে কোনো আয় নহয় ৷ খৰচহে হয় ৷ ৰবীন্দ্ৰ ভৱনটোৰ পৰা মাহেকত প্ৰায় ৬ লাখকৈ টকা সাস্কৃতিক বিভাগে পায় ৷

মেৰামতিৰ নামত প্ৰায় ৮-৯ কোটি টকা খৰচ কৰা হ’ল৷ বাৰিষা পানী সোমায় ৷ খৰালিৰ দিনত কিয় খোলা নহ’ল ? পানী সোমোৱা বন্ধ হোৱাত কিয় এতিয়াও খোলা হোৱা নাই ? ধৰি লোৱা হ’ল ভৱনটো ভাঙি পুনৰ নিৰ্মাণ কৰিব ৷

তাৰবাবে ডিপিআৰ প্ৰস্তুত কৰোঁতে কৰোঁতে আৰু এবছৰ লাগিব৷ এই এবছৰত প্ৰায় ৭০-৭৫ লাখ টকা বিভাগে আয় কৰিব পাৰিলেহেঁতেন ৷’ আনহাতে, ৰাইজৰ টকাৰে মেৰামতিৰ নামত খৰচ কৰা ৮-৯ কোটি টকাৰ হিচাপ দিবলৈ বিভাগটোৱে ভয় কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকগৰাকীয়ে অতি সোনকালে এইক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে ৷

উল্লেখ্য যে যোৱা ২০১৮ চনৰে পৰা ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছিল যদিও মাজতে যোৱা বছৰত কিছুদিনৰ বাবে মুকলি কৰা হৈছিল ৷ কিন্তু প্ৰেক্ষাগৃহত পানী সোমোৱাত মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হয় ৷

Exit mobile version