Assam HSLC Results 2023: ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

প্ৰথম স্থানত জিলিকিল ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ হৃদম ঠাকুৰীয়া

seba 1

Assam HSLC Results 2023 :

সকলো উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা ১০ বজাত ছেবাই ঘোষণা কৰে ফলাফল ৷ পৰীক্ষাৰ্থীসকলে ছেবাই মুকলি কৰা উল্লিখিত দহটা ৱেবছাইটসমূহৰ জৰিয়তে ফলাফল লাভ কৰাৰ উপৰিও মাৰ্কশ্বীটো ডাউনলোডৰ ব্যৱস্থা কৰিছে ৷
১. https://sebaonline.org
২. resultsassam.nic.in
৩. www.indiaresults.com
৪. www.results.shiksha
৫. www.assam.shiksha
৬. exametc.com
৭. www.schools9.com
৮. assamresults.in
৯. www.jagranjosh.com
১০. www.vidyavision.com

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰিলে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন হৃদম ঠাকুৰীয়াই শংকৰদেৱ শিশু নিকেতন । তেওঁ মুঠ ৬০০ নম্বৰৰ ভিতৰত লাভ কৰে ৫৯৬ নম্বৰ। হৃদমে নম্বৰৰ শতকৰা হাৰ ৯৯ শতাংশ।

দ্বিতীয় স্থান দখল কৰিছে চাৰি কৃৰ্তী শিক্ষাৰ্থীয়ে। তেওঁলোক হ’ল নগাঁও চৰকাৰী উ:মা:বালক বিদ্যালয়ৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু সোণাৰিৰ ছেইণ্ট যোছেফ স্কুলৰ আদিত্য অনুপম কোঁৱৰ। এওঁলোকে লাভ কৰা মুঠ নম্বৰ হ’ল ৫৯৩ ।

একেদৰে তৃতীয় স্থানত উজ্বলি উঠিল দৰং জিলাৰ দুমুনীচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, গোলাঘাট জিলাৰ ভোলাগুৰিৰ আদৰ্শ বিদ্যাপীঠৰ অনিন্দিতা বৰা আৰু বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯২ ।

উল্লেখ্য যে,মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল চাৰি লাখ ১৯ হেজাৰ ৮৮৭ গৰাকী। আনহাতে উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬৯ শতাংশ । ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা এক লাখ ৯৪ হাজাৰ ৫৪ গৰাকীৰ বিপৰীতে ছাত্ৰীৰ সংখ্যা আছিল দুই লাখ ২৮ হাজাৰ ১২০গৰাকী । বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক সমাজ বিজ্ঞান বিভাগত ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰিছ৷আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত সমাজবিজ্ঞান বিষয়ত ৪৩০৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৮০ৰো ওপৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তাৰ পাছতে ইংৰাজী বিষয়ত ৪২২৮২ গৰাকীয়ে, সাধাৰণ বিজ্ঞানত ১৮৮৩৪ , সাধাৰণ গণিতত ১৬,৫৩১ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে। ঐচ্ছিক গণিতত লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৪৫৯ গৰাকী। অসমীয়াতো ৭১৩৯ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে খাচী, উৰ্দু, মণিপুৰ বিষয়ত মাত্ৰ ১ জনকৈ ছাত্ৰইহে লেটাৰ মাৰ্ক পাইছে।

সৰ্বমুঠ এইবাৰৰ পৰীক্ষাত আটাইকেইটা বিষয় মিলাই ১৭৭৯১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক পায় সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

আনহাতে উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত চিৰাং জিলা। আনহাতে, ৫৯.৮০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত গোৱালপাৰা জিলা। আনহাতে, আজিৰ ফলাফল, শীৰ্ষ ১০টা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৬১ গৰাকী শিক্ষাৰ্থীয়ে। ডিষ্টিংচন লাভ কৰিছে ৮৫১৭ গৰাকী শিক্ষাৰ্থীয়ে, ষ্টাৰ নম্বৰ লাভ কৰিছে ১৮ হাজাৰ ৬৫৩ গৰাকী শিক্ষাৰ্থীয়ে।

Exit mobile version