Baksa Road Accident:বাক্সাৰ নয়াবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা

ড্ৰাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু ছাত্ৰীৰ, উত্তেজিত ৰাইজে জ্বলাই দিলে ড্ৰাম্পাৰ

boko accident

Baksa Road Accident :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোতে বাক্সাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ নয়াবস্তিৰ খৈৰাণীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী হাইস্কুলীয়া ছাত্ৰী ৷ নিহত ছাত্ৰীগৰাকীৰ নাম নয়াবস্তি হাইস্কুলৰ বৰষা কুমাৰী।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ড্ৰাম্পাৰ খন উত্তেজিত ৰাইজে জ্বলাই দিয়ে ৷ খৈৰাণীস্থ এটা ক্ৰেচাৰ মিলৰ ভিতৰত নম্বৰ প্লেটবিহীন ডাম্পাৰ এখনে ছাত্ৰী গৰাকীক মহতীয়াই নিয়ে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে ড্ৰাম্পাৰ খনৰ চালকজন ৷ দুৰ্ঘটনা হোৱাৰ পাছতে এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়৷ ক্ষুব্ধ ৰাইজে জ্বলাই দিয়ে ড্ৰাম্পাৰ খন ৷ দাও দাও জ্বলি থকাৰ মাজতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আনহাতে উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৷

Exit mobile version