Education Minister Pressmeet In Dhemaji:মেট্ৰিকৰ ফলাফল ঘোষণাৰ পাছতে গৃহ সমষ্টিত সংবামেল সম্বোধন শিক্ষামন্ত্ৰীৰ

সম্পূৰ্ণ নিয়াৰিকৈ ফলাফল ঘোষণাত সুখী :শিক্ষামন্ত্ৰী ডা:পেগু

pegu

Education Minister Pressmeet In Dhemaji:

সকলো উৎকণ্ঠাৰ অন্তত আজি পুৱা দহ বজাত ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল ৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে নিজ গৃহ সমষ্টি ধেমাজিত এক সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে

সংবাদমেলত শিক্ষামন্ত্ৰী গৰাকীয়ে আজি ঘোষিত মেট্ৰিক পৰীক্ষা ফলাফল সন্দৰ্ভত কয়, সম্পূৰ্ণ নিয়াৰিকৈ ফলাফল ঘোষণাত তেওঁ সুখী ৷ ইয়াৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ শিক্ষকসকলক ৷

আনহাতে মন্ত্ৰী গৰাকীয়ে কয়, বিগতবৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হা ৫৬ শতাংশ হোৱাৰ বিপৰীতে চলিতবৰ্ষত ৰিজাল্ট যথেষ্ট আশানুৰূপ৷উত্তীৰ্ণৰ হাৰ ৭২.৬৯ শতাংশ ৷ দিনক দিনে শিক্ষাৰ মানদণ্ড উত্তৰণৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্তব্য কৰি ডা:পেগুৱে আৰু কয় যে, বিগত বৰ্ষৰতকৈ এইবাৰ ৰিজাল্ট সোনকালেই দিয়া হৈছে ৷

আনহাতে মেট্ৰিকৰ ফলাফল হঠাতে ঘোষণা কিয় কৰিলে বুলি সাংবাদিককে সোধা প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰীয়ে কয় যে এই হঠাতে হোৱা নাই ৷ ৰিজাল্টৰ দিনাংক ঘোষণা নকৰিলেও আগতিয়াকৈ কিছু ইংগিত দিয়া হৈছিল ৷

যোৱাবৰ্ষত ৰিজাল্ট দিয়া হৈছিল ৩০ মে’ত ৷ কিন্ত এইবাৰ দিয়া হ’ল ২২ মে’তে ৷ অৱশ্যে উচ্চতৰ মাধ্যমিকৰ ফলাফল কিছু পলম হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো বিগত বৰ্ষতকৈ এইবাৰ হায়াৰ ছেকেণ্ডাৰীত শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় এক লাখ ৩০ হেজাৰ বেছি হৈছে ৷

এনে প্ৰেক্ষাপটত ৰিজাল্ট দেৰি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে শিক্ষামন্ত্ৰীজনে ৷ মন্ত্ৰী গৰাকীয়ে আৰু কয়, মেট্ৰিক পৰীক্ষাৰ ফলাফলত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ উজ্জ্বলি উঠিছে ৷ ফলাফলো যথেষ্ট ভাল হৈছে ৷

Exit mobile version