HSLC Result 2023 Nalbari:আঠ কৃতি শিক্ষাৰ্থীয়ে উজ্জ্বলালে নলবাৰীক

স্থান প্ৰাপৰ শীৰ্ষত নলবাৰী

student

HSLC Result 2023 Nalbari:

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ আজি ঘোষিত ফলাফলত শীৰ্ষ স্থান লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তালিকাত শীৰ্ষত স্থান লাভ কৰে নলবাৰী জিলা ।

জিলাখনৰ পৰা মুঠ আঠ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ টা স্থানত নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ৷

মেধাৰ দৌৰত জিলিকি উঠা শিক্ষাৰ্থী সকল হ’ল আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰী ক্ৰমে লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে লিটিল ফ্লাৱাৰ স্কুলৰ ৰশ্মিতা মহন্তই ষষ্ঠ, ৰাজদ্বীপ কলিতাই লুইত একাডেমী হাইস্কুলৰ পৰা অষ্টম, বিপাশা শৰ্মাই আসাম একাডেমীৰ পৰা নৱম, লিটিল ফ্লাৱাৰ স্কুলৰ পৰা ঋষিকেশ কলিতাই নৱম, প্ৰজ্ঞান শৰ্মাই বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা দশম স্থান লাভ কৰে।

Exit mobile version